আজিৰে পৰা ৰাজ্যত আৰম্ভ অৰুণোদয় মাহ, হিতাধিকাৰীৰ ঘৰে-ঘৰে চলিব সমীক্ষা…

আজিৰে পৰা ৰাজ্যত আৰম্ভ হ’ব অৰুণোদয় মাহ।

 ৰাজ্য চৰকাৰে আজিৰে পৰা এমাহ ধৰি হিতাধিকাৰীৰ ঘৰে ঘৰে গৈ চলাব সমীক্ষা।

সমীক্ষাকাৰী দলে নিকাভাৱে হিতাধিকাৰীৰ নাম, ঠিকনা আৰু আনুসংগিক তথ্যসমূহ অন্তৰ্ভুক্ত হৈছে নে নাই তাৰ পৰীক্ষা কৰিব।

শনিবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনৰ পৰা এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।

আনহাতে ১৫ জন মন্ত্ৰীৰ উপস্থিতিত ১৫ খন জিলাতো এই কাৰ্যসূচী আৰম্ভ কৰা হৈছে।

সেই অনুসৰি হাইলাকান্দিত পৰিমল শুক্লবৈদ্য, কৰিমগঞ্জত বিমল বৰা, কাছাৰত জয়ন্ত মল্ল বৰুৱা, হোজাইত কেশৱ মহন্ত, নগাওঁ জিলাত অতুল বৰা, ওদালগুৰি জিলাত উৰ্খাও গৌৰা ব্ৰহ্ম, কামৰূপত চন্দ্ৰ মোহন পাটোৱাৰী, তামুলপুৰত সঞ্জয় কিষাণ, নলবাৰীত নন্দিতা গাৰ্লোছা, বাক্সাত যোগেন মহন, বঙাইগাঁৱত ৰণজিত কুমাৰ দাস, বৰেপটাত ৰণোজ পেগু, মৰিগাঁৱত পীযুষ হাজৰিকা, শোণিতপুৰত অজন্তা নেওগ আৰু ধুবুৰীত অশোক সিংহলৰ উপস্থিতিত এই কাৰ্যসূচীৰ আৰম্ভ হৈছে।

ইফালে অৰুণোদয় আঁচনিত নাম অন্তৰ্ভুক্ত হোৱা লোকসকলে স্ব-ইচ্ছাৰে নিজৰ নাম এই আঁচনিৰ পৰা কৰ্তন কৰাৰো ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

যিসকল হিতাধিকাৰীক অৰুণোদয় আঁচনিৰ ধনৰ প্ৰয়োজন নাই তেওঁলোকে orunodoi.in প’ৰ্টেলৰ জৰিয়তে অথবা জিলা উপায়ুক্ত, চক্ৰ বিষয়াৰ কাৰ্যালয় আদিত আবেদন দাখিল কৰি নিজৰ নাম কৰ্তন কৰিব পাৰিব।