কাটা তাঁৰ পাৰ হৈ অসমত প্ৰৱেশ বাংলাদেশী যুৱকৰ, গ্ৰেপ্তাৰ

নিউজ ডেস্ক। ভাৰত-বাংলাদেশ সীমান্তৰ কাটা তাঁৰৰ বেৰ অতিক্ৰম কৰি পুনৰ অনুপ্ৰৱেশ বাংলাদেশী নাগৰিকৰ।

অৱশ্যে, স্থানীয় লােকৰ সতৰ্কতাৰ বাবে ধৰা পৰে বাংলাদেশী যুৱকজন।

জানিব পৰা মতে, কৰিমগঞ্জৰ ৰে’ল ষ্টেশ্যনত পৰা আটক কৰা হয় মহম্মদ হাফিজ নামৰ বাংলাদেশী নাগৰিকক।

আৰক্ষীৰ জেৰাত যুৱকজনে কাটা তাঁৰৰ বেৰ অতিক্ৰম কৰি ভাৰতত প্ৰৱেশ কৰাৰ কথা স্বীকাৰ কৰে।

লােকজনৰ সৈতে পাছপ’ৰ্ট বা অন্য কোনো নথি-পত্ৰ নাছিল।