অসম আৰক্ষীৰ প্ৰাক্তন ডিআইজি প্রফুল্ল য়েইনৰ দেহাৱসান…

অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত উপ-মহাপৰিদৰ্শক প্রফুল্ল য়েইনৰ দেহাৱসান।

ডিব্ৰুগড়ৰ ব্রহ্মপুত্র ডায়েগনোষ্টিক নাৰ্চিং হোমত শুক্ৰবাৰে পুৱা ৮.২০ বজাত শেষ নিশ্বাস ত্যাগ কৰে।

দীৰ্ঘদিনৰ পৰা অসুস্থ হৈ থকা অৱসৰপ্ৰাপ্ত শীৰ্ষ আৰক্ষী বিষয়াগৰাকী চিকিৎসাধীন হৈ আছিল।

শনিবাৰে বিষয়াগৰাকীৰ নশ্বৰদেহ ডিব্ৰুগড় পূৱ বাণীপুৰস্থিত আগঃ গলুঙত মিচিং ধৰ্মীয় ৰীতি-নীতিৰে সমাধিস্থ কৰা হয়।

উল্লেখ্য যে, ১৯৪১ চনৰ ২১ এপ্ৰিলত ডিব্ৰুগড় জিলাৰ চিলচিলি মিচিং গাঁৱত জন্মগ্ৰহণ কৰিছিল প্ৰফুল্ল য়েইনে।

তেওঁ ডিব্ৰুগড় সূৰজমল কানৈ মহাবিদ্যালয়ৰ পৰা আই কম অর্থাৎ বর্তমান উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পিছত শ্বিলঙৰ ছেণ্ট এণ্টিনিঅ’ কমার্চ কলেজত বাণিজ্য শাখাত স্নাতক ডিগ্ৰী গ্ৰহণ কৰে।

ইয়াৰ পিছতে তেওঁ ভাৰতীয় আৰক্ষী সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হৈ উপ আৰক্ষী অধীক্ষক পদত মকৰল হয়।

২০০১ চনৰ ৩০ ছেপ্টেম্বৰত তেওঁ অসম আৰক্ষীৰ উপ মহাপৰিদৰ্শক হিচাপে অৱসৰ গ্ৰহণ কৰে।

মৃত্যুৰ সময়ত য়েইনে পত্নী, দুই পুত্ৰকে ধৰি বহু আত্মীয় স্বজনক এৰি থৈ গৈছে।