কৰ্মসূত্ৰে বহিঃৰাজ্যত থকা অসমৰ যুৱক চবিন বড়ো সন্ধানহীন, পৰিয়ালত হাহাকাৰ…

এক ৰহস্যজনক ঘটনা।

কৰ্মসূত্ৰে বহিঃৰাজ্যত থকা অসমৰ এগৰাকী যুৱক সন্ধানহীন।

গুজৰাটৰ চুৰাটত নিৰুদ্দেশ বকো শিংৰাৰ চবিন বড়ো নামৰ যুৱকজন।

বিগত ছয় দিনে সুদূৰ চুৰাটত নিৰুদ্দেশ হৈ থকা খবৰে কামৰূপ জিলাৰ বকোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, বকোৰ শিংৰা এলেকাৰ পালাহপাৰা গাঁৱৰ দুখীয়া পৰিয়ালৰ যুৱক চবিন বড়োৱে কোম্পানীৰ কৰ্মী হিচাপে গুজৰাটত কৰ্মৰত আছিল।

ইফালে যোৱা ৫ নৱেম্বৰত গুজৰাটৰ কোম্পানীৰ পৰা ঘৰলৈ উভতি আহিবলৈ ৰেলত উঠিছিল যুৱকজন।

কিন্তু চুৰাটৰ পৰা চবিনৰ পত্নী অঞ্জনা বড়োক ৮১১৫৪৬৯০০১ নম্বৰ ফোনৰ পৰা ৬৯০০৫৭০৭২৩ নম্বৰত জনালে যে চবিন বড়ো নিৰুদ্দেশ হৈছে।

তেতিয়াৰ পৰাই শিংৰা পালাহপাৰাৰ চবিনৰ ঘৰত হাহাকাৰ লাগিছে।

ঘটনা সন্দৰ্ভত ইতিমধ্যে বকো থানাত এজাহাৰ দাখিল কৰিছে ভূক্তভোগী পৰিয়ালে।

উল্লেখ্য যে, প্রায় ৩৪ বছৰীয়া যুৱক চবিন বড়ো নিৰুদ্দেশ হোৱা খবৰ সহজভাৱে ল’ব পৰা নাই পত্নী তথা পৰিয়ালৰ লোকে।

ঘটনা সন্দৰ্ভত পৰিয়ালৰ পৰা বকো থানাত দিয়া এজাহাৰৰ ভিত্তিত বকো আৰক্ষীয়ে এম এম আৰ নং ৭৯ নম্বৰৰ গোচৰত তদন্ত চলাই আছে।

ইফালে কোনো লোকে সন্ধান পালে ৯৩৬৫৪৪৯৬৪৬ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে।