উত্তপ্ত পৰিস্থিতিৰ মাজতে শ্বিলঙত ১১ ঘণ্টাৰ বাবে শিথিল কৰা হৈছে কাৰ্ফিউ…

উত্তপ্ত পৰিস্থিতিৰ মাজতে কিছু পৰিমাণে শিথিল কৰা হৈছে শ্বিলঙৰ কাৰ্ফিউ।

বুধবাৰৰ পুৱা ৫ বজাৰ পৰা বিয়লি ৪ বজালৈ শিথিল কৰা হৈছে কাৰ্ফিউ।

একেদৰে ৰাজ্যখনত বন্ধ হৈ থকা মোবাইল ইণ্টাৰনেট সেৱাসমূহো খুলি দিয়াৰ ব্যৱস্থা কৰা হৈছে।

বিয়লি ৪ বজাৰ পৰা পুনৰ প্ৰযোজ্য হ’ব কাৰ্ফিউ।

মুখ্যমন্ত্ৰী কনৰাড চাংমাই সদৰি কৰা অনুসৰি পৰিস্থিতি কিছু উন্নত হৈছে আৰু বিগত ২৪ ঘণ্টাত ৰাজ্যখনত হিংসাত্মক ঘটনাৰ লগত জড়িত কোনো ব্যক্তিকে গ্ৰেপ্তাৰ কৰা হোৱা নাই।

উল্লেখ্য যে, ৰাজ্য চৰকাৰে গঠন কৰা উপ-মুখ্যমন্ত্ৰী প্ৰেষ্টন টিনচঙৰ নেতৃত্বত গঠিত শান্তি সমিতিয়ে বুধবাৰে প্ৰথমখন বৈঠক অনুষ্ঠিত কৰিব।

Leave a Comment