অসমীয়া

কাইলৈ NSCN(IM)ৰ মুখ্য মধ্যস্থতাকাৰী মুইভাৰে আলোচনাত বহিব অসমৰ মুখ্যমন্ত্ৰী…

দীৰ্ঘদিনৰ অন্তত সোমবাৰৰ পৰা ভাৰত চৰকাৰৰ প্ৰতিনিধিৰ সৈতে পুনৰ আৰম্ভ হ’ল NSCN(IM)ৰ আলোচনা প্ৰক্ৰিয়া।

ভাৰত চৰকাৰৰ মধ্যস্থতাকাৰী অক্ষয় কুমাৰ মিশ্ৰই আৰম্ভ কৰিছে স্থবিৰ হৈ পৰা আনুষ্ঠানিক আলোচনাক।

ডিমাপুৰৰ ছুমুকেডিমাৰ নাগালেণ্ড আৰক্ষীৰ ছাউনিত আজিৰে পৰা আৰম্ভ হৈছে NSCN(IM)ৰ মুখ্য মধ্যস্থতাকাৰী তথা সাধাৰণ সম্পাদক থুইংগালেং মুইভাৰ সৈতে আনুষ্ঠানিক আলোচনা।

ইয়াৰ পূৰ্বে দেওবাৰে কেম্প হেব্ৰনৰ পৰা হেলিকপ্টাৰত উঠি ছুমুকেডিমালৈ ৰাওনা হয় থুইংগালেং মুইভা।

এই আলোচনাত কাইলৈ অসমৰ মুখ্যমন্ত্ৰী তথা NEDAৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিব।

যাৰ পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিবলৈ আজি দিল্লীত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী।

কাইলৈ মুইভাৰে আলোচনাত মিলিত হ’বলৈ ডিমাপুৰৰ ছুমুকেডিমাত উপস্থিত হ’ব অসমৰ মুখ্যমন্ত্ৰী।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুইভাৰ সৈতে আলোচনাত বহি কি কি বিষয়ত আলোচনা কৰিব, ইয়াকে লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক আজি সাক্ষাৎ কৰিব অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে, ২০২০ৰ জানুৱাৰী মাহতেই মধ্যস্থতাকাৰী আৰ এন ৰবিৰ সৈতে অন্তিমখন আনুষ্ঠানিক আলোচনাত বহিছিল NSCN(IM)ৰ নেতৃত্ব।

আৰ এন ৰবিৰ সৈতে ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্টৰ অপব্যাখ্যা কৰা বাবে আলোচনাত বহিবলৈ অস্বীকাৰ কৰা NSCN(IM)ৰ সৈতে এইবাৰ আলোচনাত বহিছে ইণ্টালিজেঞ্চ ব্যুৰ’ৰ অৱসৰপ্ৰাপ্ত বিশেষ সঞ্চালক অক্ষয় কুমাৰ মিশ্ৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *