অসম

ক’লৈ গ’ল অংকুমণি? ৬দিন ধৰি সন্ধান নাই লেব’ৰেটৰী টেকনিচিয়ান অংকুমণি বৰুৱাৰ…

কমলপুৰৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ৰ লেব’ৰেটৰী টেকনিচিয়ান সন্ধানহীন।

সন্ধানহীন হোৱা মহিলাগৰাকী হৈছে অংকুমণি বৰুৱা (৩৪)।

কমলপুৰ সমষ্টিৰ অন্তৰ্গত বিহদিয়াৰ মাতৃগৃহৰ পৰা ৰঙিয়াৰ উদিয়ানাৰ স্বামীগৃহলৈ আহি থকা অৱস্থাত ৬দিন পূৰ্বে সন্ধানহীন হয় মহিলাগৰাকী।

ঘটনা সন্দৰ্ভত ভু্ক্তভোগী পৰিয়ালে ৰঙিয়া থানা আৰু বাইহাটা চাৰিআলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে স্বামী কৈলাশ কলিতাই।

কিন্তু আৰক্ষীয়ে এতিয়ালৈ কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই মহিলাগৰাকীৰ।

আত্মীয়-স্বজন আৰু পৰিচিত লোকৰ ঘৰত বিচাৰ-খোচাৰ কৰিও কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই পৰিয়ালটোৱে।

যোৱা ৬ দিনে অংকুমণি বৰুৱা নিৰুদ্দিষ্ট হৈ থকাত ১৩ বছৰীয়া একমাত্ৰ কন্যা আৰু পৰিয়ালটো চিন্তিত হৈ পৰিছে।

পৰিয়ালৰ সন্দেহ কোনো দুষ্টচক্ৰ‌ৰ কবলত পৰিছে অংকুমণি।

শীঘ্ৰে মহিলাগৰাকীক উদ্ধাৰ কৰিবলৈ আৰক্ষীক আহ্বান জনাইছে পৰিয়ালে।

Leave a Reply

Your email address will not be published. Required fields are marked *