আৰক্ষীৰ জালত চাৰি টেট শিক্ষক! ভুৱা মাৰ্কশ্বিটেৰে নিযুক্তি লোৱাৰ অভিযোগ…

আৰক্ষীৰ জালত চাৰি টেট শিক্ষক। ভুৱা মাৰ্কশ্বিটেৰে নিযুক্তি লোৱাৰ অভিযোগ।

দেওবাৰে নিশা কামৰূপ আৰক্ষীয়ে অভিযান ভুৱা মাৰ্কশ্বিটেৰে টেট শিক্ষক হিচাপে নিযুক্তি পোৱা চাৰিজন শিক্ষককয হাজোৰ পৰা আটক কৰে।

আটক হোৱা চাৰিওজন শিক্ষকে ভুৱা মাৰ্কশ্বিট, প্ৰমাণপত্ৰৰে টেটত নিযুক্তি লাভ কৰাৰ অভিযোগ।

নিশা আৰক্ষীয়ে আটক কৰা শিক্ষক চাৰিজন হৈছে ক্ৰমে- আজিজুৰ ৰহমান, মনোৱাৰ হুছেইন, মনোৱাৰ খান আৰু ছহিবুৰ ৰহমান।

আৰক্ষীয়ে আটক কৰা আটাইকেইজনকে বৰ্তমানে সোধা-পোছা অব্যাহত ৰাখিছে।

কিছুদিন পূৰ্বে এই শিক্ষক কেইজনে বাক্সা আৰু চিৰাং জিলাত টেট শিক্ষক হিচাপে নিযুক্তি লাভ কৰিছিল।

উল্লেখযোগ্য যে, অসম চৰকাৰৰ টেট শিক্ষকৰ নিযুক্তিত বহু শিক্ষকে ভুৱা মাৰ্কশ্বিট আৰু প্ৰমাণপত্ৰৰে নিযুক্তি লাভ কৰা বুলি বহু সময়ত অভিযোগ উত্থাপন হৈ আহিছে।

কিছুদিন পূ্বে নগাঁও আৰক্ষীয়ে অভিযান কালত নগাঁৱত এটা বৃহৎ ভুৱা প্ৰমাণপত্ৰ নিৰ্মাণ কৰা চক্ৰ উৎখাত কৰিছিল।

Leave a Comment