কলিয়াবাৰত এইবাৰ নিৰ্মাণ কৰা হ’ব সুৰংগ পথঃ ঘোষণা নহয়, সপোনৰ কথা ক’লে মুখ্যমন্ত্ৰীয়ে…

নিউজ ডেস্কঃ ভাৰত আৰু কোনোবা এখন দেশৰ মাজত যুদ্ধ লাগে, আৰু কলিয়াভোমোৰা দলংখন যদি বোম পেলাই উৰুৱাই দিয়ে, তেন্তে কি হ’ব? কলিয়াবৰত এই আশংকা ব্যক্ত কৰি তাৰ উপায় বিচাৰি উলিয়ালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

সামৰিক কাৰণত কলিয়াবৰৰ পৰা জামুগুৰিলৈ এটা সুৰংগ নিৰ্মাণৰ সপোনৰ কথা ক’লে মুখ্যমন্ত্ৰীয়ে। অৱশ্যে তেওঁ কয় যে সুৰংগ নিৰ্মাণ কৰিব বুলি তেওঁ এতিয়াই ঘোষণা কৰা নাই। এই কাৰ্য সম্পন্ন কৰিবলৈ ৬০০০ কোটি টকা ব্যয় হ’ব। যদি সম্ভৱ হয়, তেন্তে তেওঁৰ কাৰ্যাকালতে কলিয়াবৰ চাহ বাগিচাৰ তলেৰে জামুগুৰিলৈ সুৰংগ নিৰ্মাণ কৰিব অসম চৰকাৰে।

এই সুৰংগয়েদি ৰে’লো চলিব পাৰিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সুৰংগ নিৰ্মাণ হ’লে কলিয়াবৰ এক পৰ্যটন ক্ষেত্ৰ হিচাপে পৰিগণিত হোৱাৰ লগতে সৰ্বাংগীন উন্নয়ন সম্ভৱ হ’ব বুলিও দৃঢ়তাৰে বিশ্বাস কৰে মুখ্যমন্ত্ৰীয়ে।

অন্যহাতে কলিয়াবৰত এক জনসভা সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে শীঘ্ৰে কলিয়াবৰত এখন নতুন চৰকাৰী মহাবিদ্যালয়, এখন আইন মহাবিদ্যালয়, এখন আইটিআই আৰু এখন জিএনএম নাৰ্চিং স্কুল স্থাপন কৰা হ’ব বুলিও ঘোষণা কৰে।