অনন্য! বিশাল ধাননি পথাৰত পিতৃ-মাতৃৰ চিত্ৰ অংকন কৰি শ্ৰদ্ধাঞ্জলি কৃষক পুত্ৰৰ

নিউজ ডেস্কঃ অনন্য পদ্ধতিৰে নিজৰ প্ৰয়াত পিতৃ-মাতৃ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি সৰ্বত্ৰে চৰ্চিত হৈছে এজন সাধাৰণ কৃষক। নিজৰ বিশাল খেতি পথাৰৰ ধাননিৰে পিতৃ-মাতৃৰ চিত্ৰ অংকন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে তেলেংগানাৰ নিজামাবাদৰ এগৰাকী সাধাৰণ কৃষক গংগাৰাম চিন্নী কৃষ্ণুডু। অৱশ্যে খেতিয়কজনৰ এই কলাত্মক সৃষ্টি চাব পাৰি কেৱল আকাশ মাৰ্গৰ পৰাহে।

নিজামাবাদৰ পৰা ৩৫ কিলোমিটাৰ নিলগত অৱস্থিত এখন অখ্যাত গাৱৰ নিৱাসী সাধাৰণ কৃষক গংগাৰাম চিন্নী কৃষ্ণুডুৰ পিতৃ-মাতৃৰ দেহাৱসান ঘটিছিল ২১ বছৰ পূৰ্বে। মাত্ৰ ষষ্ঠ শ্ৰেণীলৈকে পঢ়া গংগাৰামে নিজৰ প্ৰয়াত পিতৃ-মাতৃক শ্ৰদ্ধা নিবেদিবলৈ এক অনন্য পন্থা হাতত লয়।

image 110
অনন্য! বিশাল ধাননি পথাৰত পিতৃ-মাতৃৰ চিত্ৰ অংকন কৰি শ্ৰদ্ধাঞ্জলি কৃষক পুত্ৰৰ 3

গংগাৰামে চিন্তলুৰ গাঁৱৰ সোণালী ধাননি পথাৰত তিনিটা বেলেগ বেলেগ জাতৰ ধান ব্যৱহাৰ কৰি প্ৰস্তুত কৰে পিতৃ-মাতৃৰ এখন প্ৰতিচ্ছবি। তেওঁ জানিবলৈ দিয়া মতে, প্ৰথমে তেওঁ মহাদেৱ নামৰ এগৰাকী চাইব’ৰ্ড পেইণ্টাৰৰ জৰিয়তে পিতৃ-মাতৃৰ এখন ফটো ডাঙৰকৈ অংকন কৰি লৈছিল।

image 109
অনন্য! বিশাল ধাননি পথাৰত পিতৃ-মাতৃৰ চিত্ৰ অংকন কৰি শ্ৰদ্ধাঞ্জলি কৃষক পুত্ৰৰ 4

তাৰ পিছত সেই ফটোখনৰ জৰিয়তে ৰছী আৰু কোৰেৰে তিনিটা ভিন্ন জাতৰ আৰু ৰঙৰ ধানৰ জৰিয়তে এক একৰ ভূমিত অংকন কৰে পিতৃ-মাতৃৰ চিত্ৰখন। প্ৰায় এমাহ ধৰি চলোৱা প্ৰচেষ্টাৰ অন্তত যেকিয়া ছবিখন সম্পূৰ্ণ হৈ উঠে, তাৰ পিছতে ৩৫০০ টকাৰে এটা ড্ৰোণ ভাড়ালৈ আনি ধাননি পথাৰত অংকিত ছবিখন নিৰীক্ষণ কৰে কৃষক গংগাৰামে।

গংগাৰামে পিতৃ-মাতৃক জনোৱা এই অনন্য শ্ৰদ্ধাঞ্জলি চাবলৈ ইতিমধ্যে গাঁওখনত উপস্থিত হৈছে অগণন লোকৰ। যি সময়ত সন্তানে বৃদ্ধ পিতৃ-মাতৃক এলাগী কৰাৰ ঘটনা সঘনাই সংঘটিত হ’বলৈ ধৰিছে, সেই সময়ত ২১ বছৰ পূৰ্বে মৃত্যু ঘটা পিতৃ-মাতৃক এনেদৰে এজন সাধাৰণ কৃষকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ ঘটনাই স্বাভাৱিকতে সামাজিক মাধ্যমতো চৰ্চা লাভ কৰিছে।