অসম

পলাই যোৱা ন-বোৱাৰী আৰু সুশান্ত বৰগোহাঁইৰ মাজত একো পার্থক্য নাইঃ অখিল গগৈ

ৰাজ্যত এতিয়া বলিছে উপ নিৰ্বাচনৰ গৰম বতাহ।

সময় বাগৰাৰ লগে লগে থাওৰাৰ ৰাজনৈতিক পৰিবেশ গৰম হৈ উঠিছে।

সুশান্ত বৰগোহাঁইক বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ সমান্তৰালভাৱে ৰাইজৰ দলৰ প্ৰাৰ্থী হ’ব ধৈৰ্য্য কোঁৱৰ।

অখিল গগৈয়ে ধৈৰ্য্য কোঁৱৰক লগত লৈ প্ৰতিজন ভোটাৰৰ কাষলৈ যাবলৈ চেষ্টা কৰাৰ সমান্তৰালভাৱে প্ৰাক্তন কংগ্ৰেছী বিধায়ক তথা এইবাৰ বিজেপি দলৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঁইক তীব্ৰ বাক্যবাণেৰে সমালোচনা কৰা পৰিলক্ষিত হৈছে।

অখিল গগৈয়ে কয়- ‘পলাই যোৱা ন-বোৱাৰী আৰু বিশ্বঘাটক সুশান্ত বৰগোহাঁইৰ মাজত একো পার্থক্য নাই, থাওৰাবাসীয়ে আৰু তেওঁক বিশ্বাসত নলয়।

ইয়াৰোপৰি বিশ্বাসঘাতকৰ পৰা থাওৰাক বচাব লাগিব বুলি মন্তব্য কৰি গগৈয়ে কয়- মাত্ৰ চাৰি মাহৰ পূৰ্বে বিজেপি বেয়া, বিজেপি সাম্প্ৰদায়িক, বিজেপিয়ে অসমলৈ বিদেশী আনিছে বুলি কৈ আজি বিজেপি ভাল বুলি ক’ব তেনে মানুহক শাস্তি দিয়া বা প্ৰতিশোধ লোৱাৰ বাহিৰে আন কোনো বিকল্প নাই।

লগতে গগৈয়ে কয়, সুশান্ত বৰগোহাঁইয়ে থাওৰা সমষ্টি ৰাইজৰ ওচৰলৈ যাবলৈ সাহস কৰিব পৰা নাই। ঘৰলৈ দুই এজনক মাতি আনি টকা দি ভোট‌ ভিক্ষা কৰি আছে।  

Leave a Reply

Your email address will not be published. Required fields are marked *