কলকাতাত ED-ৰ ব্যাপক অভিযান, ব্যৱসায়ীৰ বাসগৃহৰ পৰা জব্দ প্ৰায় ১৭ কোটি টকা

কলকাতাত ED-ৰ ব্যাপক অভিযান।

কলকাতাৰ এগৰাকী ব্যৱসায়ীৰ ঘৰৰ পৰা জব্দ কোটি কোটি টকা।

মোবাইল গেমিং এপ্লিকেচন এটাৰ সৈতে জড়িত কলকাতাৰ এজন ব্যৱসায়ীৰ বাসগৃহৰ পৰা প্ৰায় ১৭ কোটি টকা উদ্ধাৰ কৰিছে।

সংস্থাটোৱে ধন সৰবৰাহ প্ৰতিৰোধ আইন (পিএমএলএ), ২০০২ৰ অধীনত অনুসন্ধান অভিযান চলাই আছে।

ঘৰৰ বিছনাৰ তলত লুকুৱাই থোৱা অৱস্থাত উদ্ধাৰ ৫০০, ২০০০ টকীয়া নোটৰ বাণ্ডিল। টকা হিচাপ কৰাৰ বাবে মাতিবলগীয়া হৈছিল বেংকৰ কৰ্মচাৰী।

ব্যৱসায়ী নিছাৰ আহমেদ খানৰ গাৰ্ডেন ৰীচ্চত থকা বাসভৱনৰ পৰা জব্দ ধনখিনি।

কলকাতাৰ ৬টাকৈ স্থানত ED-এ চলাইছিল অভিযান।

ব্যৱসায়ীজনৰ পুত্ৰ আমিৰৰ বিৰুদ্ধে ৰুজু হৈছিল প্ৰতাৰণাৰ গোচৰ। পুৰণি গোচৰৰ তদন্ত আৰম্ভ কৰিছিল ED-এ।

ম’বাইল গেমিং এপৰ জৰিয়তে বহুকেইজনক প্ৰতাৰণা কৰি সংগ্ৰহ কৰিছিল ধন।

E-Nuggets নামৰ এপৰ জৰিয়তে ব্যৱসায়ী পুত্ৰই চলাইছিল লুণ্ঠন।

ইডিয়ে এক বিবৃতিত কয়- আমিৰ খান নামৰ এজন ব্যক্তিয়ে E-Nuggets নামৰ এটা মোবাইল গেমিং এপ্লিকেচন মুকলি কৰিছিল, যিটো জনসাধাৰণক প্ৰতাৰণা কৰাৰ উদ্দেশ্যে ডিজাইন কৰা হৈছিল। প্ৰাৰম্ভিক সময়ছোৱাত ব্যৱহাৰকাৰীসকলক কমিচনেৰে পুৰস্কৃত কৰা হৈছিল আৰু নিজৰ অংশৰ ধনখিনি নিৰাপদভাৱে উলিয়াই আনিব পৰা গৈছিল। ই ব্যৱহাৰকাৰীসকলৰ মাজত প্ৰাৰম্ভিক আস্থা প্ৰদান কৰিলে, আৰু তেওঁলোকে অধিক শতাংশ কমিছন আৰু অধিক সংখ্যক ক্ৰয় অৰ্ডাৰৰ বাবে বৃহৎ পৰিমাণৰ বিনিয়োগ আৰম্ভ কৰিলে।