মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা সাংসদ গৌৰৱ গগৈৰ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দলত স্থিতি সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে গৌৰৱ গগৈয়ে।
তেওঁ কয়- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দলৰ সকলোৱে সন্দেহ কৰে। কোন সময়ত বিজেপি এৰে থিক নাই।
কেন্দ্ৰত চৰকাৰ সলনি হ’লেই মুখ্যমন্ত্ৰীয়ে দল সলাব বুলিও মন্তব্য কৰে সাংসদ গগৈয়ে।
লগতে তেওঁ কয়- বিজেপিত বিশ্বাসযোগ্যতাৰ প্ৰমাণ দিবলৈ সপ্তাহে সপ্তাহে ৰাহুল গান্ধীক সমালোচনা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
ৰাহুল গান্ধীৰ নাম লৈ লৈহে সমগ্ৰ ভাৰতবৰ্ষত হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচাৰ হৈছে। হিমন্ত বিশ্ব শৰ্মাই এইক্ষেত্ৰত ৰাহুল গান্ধীক ধন্যবাদ দিব লাগে।- গোৰৱ গগৈ।









