দেশৰ টীকাকৰণৰ নতুন অভিলেখ।
ক’ভিড বিৰোধী যুঁজত ভাৰতৰ ইতিহাস ৰচনা।
১০০ কোটি ভাৰতীয় লোেকে গ্ৰহণ কৰিলে ক’ভিড ভেকচিন।
বৃহস্পতিবাৰে ভাৰতে সমগ্ৰ দেশত ১০০ কোটি ক’ভিড ভেকচিন প্ৰদান কৰাৰ সীমা অতিক্ৰম কৰে।
ভাৰতে ২০২১ চনৰ ১৬ জানুৱাৰিৰ পৰা দেশত ক’ভিড ভেকচিন প্ৰদান অভিযান আৰম্ভ কৰিছিল।
ভাৰতত মুঠ ১০০ কোটি ক’ভিড ভেকচিন প্ৰদান কৰা হ’লেও এতিয়ালৈ দেশৰ জনসংখ্যাৰ মুঠ ২০ শতাংশ লোককহে ক’ভিডৰ দুয়োপালি ভেকচিন প্ৰদান কৰা হৈছে।
ভাৰতত এতিয়ালৈ কোভিশ্বিল্ড, কোভাক্সিন আৰু স্পুটনিক নামৰ তিনিবিধ ক’ভিড ভেকচিনক জৰুৰীকালীন প্ৰয়োগৰ বাবে অনুমতি প্ৰদান কৰা হৈছে।









