অসম

ক’ভিডৰ বৰ্দ্ধিত সংক্ৰমণঃ বাতিল কৰা হ’ল ঐতিহাসিক জোনবিল মেলা…

ৰাজ্যত প্ৰতিদিনে অতি ভয়াৱহভাৱে বৃদ্ধি হৈ আছে কভিডৰ সংক্ৰমণ।

ক’ভিডৰ বৰ্দ্ধিত সংক্ৰমণৰ প্ৰতি বাতিল কৰা হ’ল ঐতিহাসিক জোনবিল মেলা।

ৰাজ্যৰ ক’ভিড পৰিস্থিতিৰ বাবে জোনবিল মেলা বাতিল কৰা হৈছে যদিও জাগীৰোডৰ দেওঁশাল মন্দিৰত গোভা ৰজাই কণী ভাঙি জোনবিল মেলাৰ ধৰ্মীয় ৰীতি-নীতিখিনি পালন কৰিব।

পৰম্পৰাগত জোনবিল মেলাৰ লগতে বৰ্তমানৰ আধুনিক সমাজৰ এখন বিশাল মেলাও প্ৰতিবছৰে অনুষ্ঠিত হৈ আহিছিল যদিও ক’ভিড পৰিস্থিতিৰ বাবে এই মেলাও বাতিল কৰিবলগীয়া হোৱাত স্থানীয় লোকসকল হতাশ হৈ পৰে যদিও ৰাজহুৱা স্বাস্থ্যৰ স্বাৰ্থত প্ৰশাসনৰ সিদ্ধান্তক আদৰণি জনায়।

উল্লেখ্য যে, জাগীৰোড চহৰৰ পৰা পাঁচকিলোমিটাৰ উত্তৰে জোনবিলৰ পাৰত পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ পৰম্পৰাৰে এই মেলা অনুষ্ঠিত হৈ আছে য’ত বিশ্বৰ প্ৰাচীন বিনিময় প্ৰথা এতিয়াও চলি আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *