অসমঅসমীয়া

ৰাজ্যৰ পুনৰ গঁড় হত্যা! কাটি নিলে খড়্গ

ৰাজ্যত পুনৰ হত্যা কৰা হ’ল গঁড়।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পােহৰলৈ আহিছে এই ঘটনা।

উদ্যানখনৰ কঁহৰা বনাঞ্চলৰ শিলেখন্দা বন শিবিৰত বন কৰ্মীয়ে উদ্ধাৰ কৰিলে এটা মৃত গঁড়।

চোৰাং চিকাৰীয়ে গঁড়টো হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে বন বিভাগে।

যদি চোৰাং চিকাৰীয়ে হত্যা কৰিছে তেন্তে চলিত বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এয়া প্ৰথমটো গঁড় হত্যাৰ ঘটনা হ’ব।

উল্লেখ্য যে ৯ মাহ পূৰ্বেও ৰাজ্যত গঁড় হত্যাৰ ঘটনা সংঘটিত হৈছিল, যিটাে ঘটনা বিগত বছৰৰ একমাত্ৰ গঁড় নিধনৰ ঘটনা আছিল।

কাজিৰঙাৰ গঁড় হত্যাৰ ঘটনা নিম্নতম হােৱা বাবে বিশেষভাৱে চৰ্চিত হৈছে অসমৰ বন বিভাগৰ এই উপলব্ধি।

ইপিনে, এই ঘটনাক লৈ তদন্ত অব্যাহত ৰাখিছে কাজিৰঙা কৰ্তৃপক্ষ তথা আৰক্ষীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *