অসম

এছিয়ান গেইমছলৈ যোগ্যতা অৰ্জন কৰা অম্লান বৰগোহাঁইলৈ ৰাজ্য চৰকাৰৰ ৫ লাখ টকা

এছিয়ান গেইমছলৈ যোগ্যতা অৰ্জন কৰা অম্লান বৰগোহাঁইলৈ ৰাজ্য চৰকাৰৰ ৫ লাখ টকাৰ আৰ্থিক সাহাৰ্য।

অম্লান বৰগোহাঁইৰ উন্নত প্ৰশিক্ষণৰ সুবিধাৰ্থে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই খেলুৱৈগৰাকীলৈ ৫ লাখ টকাৰ ধনৰাশি আগবঢ়াই।

জানিব পৰা মতে, খেলুৱৈগৰাকীয়ে যোৱা ২২ এপ্ৰিলত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি উন্নত প্ৰশিক্ষণ গ্ৰহণৰ সুবিধাৰ্থে অৰ্থসাহায্য প্ৰদানৰ আবেদন জনাইছিল।

যাৰ পৰিপ্ৰেক্ষিততে মুখ্যমন্ত্ৰীয়ে খেলুৱৈগৰাকীলৈ এই ধনৰাশি আগবঢ়ায়।

উল্লেখ্য যে কেৰালাত অলপতে অনুষ্ঠিত হৈ যোৱা ৰাষ্ট্ৰীয় ফেডাৰেশ্যন কাম ছিনিয়ৰ এথলেটিকছ প্ৰতিযেগিতাত পুৰুষৰ ২০০ মিটাৰ দৌৰত ৰাষ্ট্ৰীয় অভিলেখ গঢ়ি অম্লান বৰগোহাঁইয়ে এছিয়ান গেইমছত অংশগ্ৰহণৰ যোগ্যতা অৰ্জন কৰিছে।

ইফালে অম্লানে বিশ্বৰ ক্ৰীড়া ক্ষেত্ৰত সফলতা অৰ্জন কৰি দেশৰ লগতে ৰাজ্যবাসীক গৌৰৱান্বিত কৰিবলৈ সক্ষম হ’ব বুলি মুখ্যমন্ত্ৰী শৰ্মাই আশা প্ৰকাশ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *