কন্যাৰ বৃক্কৰে পুনৰ সুস্থ হোৱাৰ দিশে লালু প্ৰসাদ যাদৱ! ছিংগাপুৰত সফলতাৰে সম্পন্ন অস্ত্ৰোপচাৰ…

নিউজ ডেস্কঃ অৱশেষত কন্যাই দান কৰা বৃক্কৰে পুনৰ সুস্থ হৈ উঠাৰ দিশত বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ৰাষ্ট্ৰীয় জনতা দলৰ অধ্যক্ষ লালু প্ৰসাদ যাদৱ।

সোমবাৰে ছিংগাপুৰৰ মাউণ্ট এলিজাবেথ হাস্পতালত সফলতাৰে সম্পন্ন হয় লালু প্ৰসাদ যাদৱৰ বৃক্ক সংৰোপণ।

উল্লেখ্য যে, লালু প্ৰসাদ যাদৱক বৃক্ক দান কৰিছে তেওঁৰ কন্যা ৰোহিনী আচাৰ্যই।

পিতৃক সুস্থ কৰাৰ স্বাৰ্থত বৃক্ক দান কৰি গৌৰৱাম্বিত বুলি মন্তব্য কৰে ৰোহিনীয়ে।

বৰ্তমান ৰোহিনী আৰু লালু প্ৰসাদ যাদৱ দুয়োজনেই সুস্থ হৈ থকা বুলি জানিবলৈ দিছে চিকিৎসকে।

অৱশ্যে চিকিৎসকে পিতা-পুত্ৰীক বৃক্ক দান আৰু সংৰোপণৰ পিছত ল’বলগীয়া সাৱধানতাসমূহ মানি চলিবলৈ কঠোৰ পৰামৰ্শ দিছে।