গ্ৰেপ্তাৰ হ’ব পাৰে বদৰুদ্দিন আজমল! আজমলক গ্ৰেপ্তাৰ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই…

আজমলৰ বিতৰ্কিত মন্তব্যক লৈ ৰাজ্যৰ ৰাজনৈতিক মহলত অব্যাহত আছে প্ৰতিক্ৰিয়াৰ।

আজমলৰ উগ্ৰ সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে জাঙোৰ খাই উঠিছে শাসকীয় মন্ত্ৰী-বিধায়কৰ লগতে বিভিন্ন দল-সংগঠন।

ইতিমধ্যে আজমলৰ বিৰুদ্ধে ৰাজ্যৰ কেইবাঠাইতো দাখিল কৰা হৈছে এজাহাৰ।

বিভিন্ন জনে আজমলৰ গ্ৰেপ্তাৰক লৈ দাবী উত্থাপন কৰি থকাৰ সময়তে আজমলৰ গ্ৰেপ্তাৰ সন্দৰ্ভত এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে বদৰুদ্দিন আজমল। শীঘ্ৰে আজমলৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল’ব চৰকাৰে।

বঙাইগাঁৱত এই ইংগিত প্ৰদান কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়- এইবিলাক আঠুৱা তলৰ মহ। যি কৰিব বিচাৰো, তাকেই কৰিব পাৰো। মহ এটাক মাৰিবৰ বাবে ইমান আলোচনা কৰিব লগা নাই। যেতিয়া যি দৰকাৰ হয় কৰি লম।’

উল্লেখ্য যে, বদৰুদ্দিন আজমলে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সন্মুখত হিন্দু-মুছলমানৰ তুলনা কৰি কৈছিল যে, মুছলমান যুৱকে ২২ বছৰ বয়সতে বিয়া পাতি গাৰ্হ্যস্থ জীৱন আৰম্ভ কৰে। মুছলমান যুৱতীয়েও চৰকাৰে বান্ধি দিয়া ১৮ বছৰ বয়সত বিবাহ পাশত আৱদ্ধ হয়।

কিন্তু হিন্দু যুৱকে ৪০ বছৰ বয়সলৈকে ২-৩ গৰাকীৰ সৈতে অবৈধ সম্পৰ্ক ৰাখে। সেই সময়ত সন্তান জন্ম হ’বও নিদিয়ে। পিছত পৰিয়ালৰ হেঁচা বা ফান্দত ফঁচি ৪০ বছৰ বয়সত বিয়া পাতে হিন্দু যুৱকে।