কনিষ্টবলৰ পৰা ১ হাজাৰ টকা উৎকােচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ হ’ল কােষাগাৰৰ কৰ্মচাৰী…

আৰক্ষীৰ পৰা উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল এগৰাকী কোষাগাৰৰ কৰ্মচাৰী।

নগাঁও কোষাগাৰৰ কনিষ্ঠ গাণনিক সহায়ক খুছবু হাৰলালকাক গ্ৰেপ্তাৰ।

১০০০ টকা ঘোচ লৈ বুধবাৰে হাতেলোটে ধৰা পৰিল কোষাগাৰৰ খুছবু।

জানিব পৰা মতে, নগাঁৱতে কৰ্মৰত প্ৰবীন বৰা নামৰ এইগৰাকী আৰক্ষী কনিষ্টবলে GPFৰ ধন আদায় পাবলৈ কেইবাদিন ধৰি দৌৰি আছিল নগাঁও কোষাগাৰ প্ৰাধিকাৰীৰ কাৰ্যালয়লৈ।

ধন মোকলাই দিয়াৰ নামত আৰক্ষী কনিষ্টবলজনক কেইবাদিনো হাৰাশাস্তি কৰি আহিছিল খুছবু নামৰ কৰ্মচাৰীগৰাকীয়ে।

আনকি প্ৰবীন বৰাৰ পৰা উৎকোচ বিচাৰিছিলে খুচবু হাৰলালকা নামৰ কৰ্মচাৰীগৰাকীয়ে।

কিন্তু কোষাগাৰৰ কৰ্মচাৰীক উৎকোচ নিদিয়াৰ বাবে কাম নোহোৱাত কনিষ্টবল প্ৰবীন বৰা শৰণাপন্ন হয় নগাঁৱৰ আৰক্ষী অধীক্ষকৰ কাষত।

অভিযোগৰ ভিত্তিত অধীক্ষক আনন্দ মিশ্ৰই অসামৰিক পোচাকত মহিলা আৰক্ষী সহ এটি দল কোষাগাৰলৈ প্ৰেৰণ কৰে৷

উৎকোচ দাবী কৰা কোষাগাৰৰ কৰ্মচাৰী খুচবু হৰলালকাক প্ৰবীণ বৰাই এহেজাৰ টকা আদায় দিয়ে।

খুচবুয়ে হাঁহি হাহিঁ টকা লৈ কাম হৈ যাব বুলি কোৱাৰ লগে লগে অসামৰিক পোচাকত থকা আৰক্ষী কনিষ্টিবল গৰাকীয়ে কোষাগাৰ কৰ্মচাৰী খুচবুক হাতে লোতে কৰায়ত্ত কৰে।

লগে লগে কোষাগাৰৰ ভিতৰত হুলস্হূলীয়া এক পৰিবেশৰ সৃষ্টি হয় যদিও আৰক্ষীয়ে পৰিস্হিতি নিয়ন্ত্ৰণ কৰে।

এই ঘটনাৰ পিছত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই কয় যে, এজন মানুহ সমস্যাত পৰিহে GPFৰ ধন লয়৷ আৰক্ষীকে যদি উৎকোচ বিচাৰে সাধাৰণ মানুহৰ কি হ’ব৷’

Leave a Comment