উদ্বেগজনক খবৰ! নাৰীজনিত অপৰাধৰ ক্ষেত্ৰত দেশৰ ভিতৰতে শীৰ্ষত অসম…

ৰাজ্যবাসীৰ বাবে এক উদ্বেগজনক খবৰ।

নাৰীজনিত অপৰাধৰ ক্ষেত্ৰত দেশৰ ভিতৰতে শীৰ্ষত অসম।

২০২০ বৰ্ষৰ নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰ’ৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য।

প্ৰতি ১লাখ জনসংখ্যাৰ ভিতৰত ১৫৪.৩ শতাংশ নাৰীজনিত অপৰাধ সংঘটিত হয় অসমত।

একেৰাহে চতুৰ্থ বাৰৰ বাবে নাৰীজনিত অপৰাধৰ ক্ষেত্ৰত শীৰ্ষত আছে অসম।

২০২০ বৰ্ষত অসমত সংঘটিত হৈছে ২৬,৫৩২ টা নাৰীজনিত অপৰাধৰ ঘটনা।

নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰ’ৰ প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্য অনুসৰি ২০২০ বৰ্ষত ২৬টাকৈ ধৰ্ষণ আৰু হত্যাৰ ঘটনা সংঘটিত হৈছে অসমত।

২০২০ বৰ্ষত ১৬৫৮টা ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে অসমত।

আনহাতে শ্লীলতা হানিৰ ঘটনা সংঘটিত হৈছে ৪৬৪২ টা।

নাৰীজনিত অপৰাধৰ দ্বীতিয় স্থানত আছে ওড়িষা আৰু তৃতীয় স্থানত আছে দিল্লী।

উল্লেখ্য যে, নাৰীজনিত অপৰাধৰ ৰাষ্ট্ৰীয় হাৰ ৫৬.৫ শতাংশ।

প্ৰতিখন ৰাজ্যৰ ১ লাখ জনসংখ্যাৰ ওপৰত ভিত্তি কৰি গণনা কৰা হয় এই হাৰ।

আনহাতে হত্যা-ধৰ্ষণৰ ঘটনাত দেশৰ ভিতৰত তৃতীয় স্থানত আছে অসম।

Leave a Comment