এতিয়াই যদি নিৰ্বাচন হয়, তেন্তে অখিল গগৈ বেয়াকৈ হাৰিবঃ ক্ষুৰধাৰ সমালোচনা ৰূপজ্যোতি কুৰ্মীৰ

নিউজ ডেস্কঃ আজি ৰাষ্ট্ৰপতি নিৰ্বাচনত অৱতীৰ্ণ হ’ল দেশৰ দুই জ্যেষ্ঠ নেতা দ্ৰৌপদী মুৰ্মু আৰু যশৱন্ত সিনহা। কিন্তু অসমৰ ৰাজনীতিত ইয়াকে লৈ এতিয়াও অব্যাহত আছে প্ৰতিক্ৰিয়া। শাসক-বিৰোধীৰ আক্ৰমণ-প্ৰত্যাক্ৰমণৰ ৰাজনীতিয়ে গৰম কৰি ৰাখিছে সংবাদ মাধ্যম।

এনডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুক কাঠৰ মুঢ়াৰ সৈতে তুলনা কৰাৰ বাবে এইবাৰ শিৱসাগৰৰ বিধায়ক অখিল গগৈক ক্ষুৰধাৰ সমালোচনা বিজেপিৰ ৰূপজ্যোতি কুৰ্মীৰ।

অখিল গগৈয়ে চান্দা তুলি বিধায়ক হোৱা বুলি দাবী কৰি ৰূপজ্যোতি কুৰ্মীয়ে কয় যে যদি এতিয়াই নিৰ্বাচন অনুষ্ঠিত হয়, তেন্তে অখিল গগৈ পৰাস্ত হোৱাটো নিশ্চিত।

অখিল গগৈক চাহ বাগানৰ চাহ জনগোষ্ঠী এলেকাত নিষিদ্ধ কৰাৰ দাবী জনাই মূৰ নাইকীয়া বিধায়ক বুলি অভিহিত কৰিলে ন বিজেপি ৰূপজ্যোতি কুৰ্মীয়ে।

দ্ৰৌপদী মুৰ্মুৱে যেতিয়ে শ্ৰেষ্ঠ বিধায়িকাৰ সন্মান লাভ কৰিছিল, সেই সময়ত অখিল গগৈৰ মাক-দেউতাকে বিয়াই হোৱা নাছিল বুলি সমালোচনা কৰি ৰূপজ্যোতি কুৰ্মীয়ে কয়, ‘অখিল গগৈক চাহ বাগানত, আদিবাসী অঞ্চলত নিষিদ্ধ কৰিব লাগে। একেবাৰে খেদি খেদি পঠিয়াব লাগে।’

কুৰ্মীয়ে কয়, ‘চান্দা তুলি, শৃংখল চলিহাৰ দৰে কেইজনৰমানৰ কাৰণে তেওঁ আজি বিধায়ক হৈছে। এই অখিল গগৈ.. যাৰ মূৰত মাল নাই, ভেজা নাই, সেই অখিল গগৈয়ে কাঠৰ মুঢ়া ক’বলৈ আহিছে দ্ৰৌপদী মুৰ্মুক। অখিল গগৈতো বেয়াকৈ অহাবাৰ হাৰিব। অহাবাৰ কি, এতিয়াই যদি নিৰ্বাচন হয় এতিয়াও হাৰিব।’