অসম

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত জীৱন্ত গঁড়ৰ খড়্গ কাটি নিলে চোৰাং চিকাৰীয়ে…

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত জীৱন্ত গঁড়ৰ খড়্গ কাটি নিলে চোৰাং চিকাৰীয়ে।

বৰ্তমানে মৃত্যু যন্ত্ৰণালৈয়ে গঁড়টো ঘূৰি আছে অৰণ্যত।

অভিযোগ অনুসৰি, ২২ এপ্ৰিলতেই সংঘটিত হোৱা ঘটনা লুকুৱাই ৰাখিছিল বন বিভাগে।

জানিব পৰা মতে, প্ৰথমে গঁড়টোলৈ লক্ষ্য কৰি গুলী কৰিছিল চোৰাং চিকাৰীয়ে।

গঁড়টো অচেতন হোৱাৰ পিছতে কাটি নিয়ে খড়্গ।

বৰ্তমান গুলীবিদ্ধ গঁড়টোৰ চিকিৎসা অব্যাহত ৰাখিছে বন বিভাগৰ লোকে।

অৱশ্যে গঁড়টোৰ অৱস্থা সংকটজনক বুলি জানিবলৈ দিয়ে বন বিভাগে।

Leave a Reply

Your email address will not be published. Required fields are marked *