অসম

হাতীৰ দাঁতৰ দুটা টুকুৰাসহ আৰক্ষীৰ জালত চোৰাং ব্যৱসায়ী জামাল উদ্দিন…

তেজপুৰত দুটা হাতীৰ দাঁতৰ টুকুৰাসহ গ্ৰেপ্তাৰ এজন।

দীর্ঘদিন ধৰি চোৰাংচিকাৰ আৰু জীৱ জন্তুৰ অংগ-প্ৰত্যংগৰ ব্যৱসায় চলাই অহা জামাল উদ্দিনক অৱশেষত গ্ৰেপ্তাৰ কৰে তেজপুৰ আৰক্ষীয়ে।

তেজপুৰৰ চটাই চাপৰি নিৱাসী জামাল উদ্দিনে হাতীৰ দাঁত বিক্ৰীৰ বাবে এটা চক্ৰৰ সৈতে যোগাযোগ কৰাৰ গোপন সম্ভেদ তেজপুৰ বৰঘাট আৰক্ষীয়ে লাভ কৰে।

image 14

সেই অনুযায়ী তেজপুৰ বৰঘাট আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া সীমান্ত পাঠকৰ নেতৃত্বত যোৱা দলে তেজপুৰ বাটমাৰীস্থিত তেল ডিপোৰ সমীপত অভিযান চলাই হাতী দাঁতৰ দুটা টুকুৰাসহ জামাল উদ্দিনক হাতে-লোটে গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য যে আৰক্ষীৰ অভিযানকাৰী দলটোৱে অভিযান কালত ধৃত জামাল উদ্দিনৰ পৰা মুঠ দুই কেজি ৭০০ গ্রাম ওজনৰ হাতীৰ দাঁতৰ টুকুৰা দুটা উদ্ধাৰ কৰে।

ভাৰতীয় দণ্ডবিধিৰ ১২০ (বি)/৪২৯/৩৭৯ আৰু আৰ ডব্লিউ ৫১ নং বন্যপ্রাণী সুৰক্ষা আইনৰ অধীনত জামাল উদ্দিনক গেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *