এয়াৰটেলৰ গ্ৰাহকসকলকৰ বাবে বিশেষ স্বৰ্ণ ঋণ আঁচনি মুথুট ফাইনেন্সৰ

এয়াৰটেলৰ থ্যাংকছ এপৰ জৰিয়তে স্বৰ্ণ ঋণৰ সুবিধা আগবঢ়াব মুথুট ফাইনেন্সে

নিউজ ডেস্ক। ডিজিটেল বেংকিং সেৱাত প্ৰৱেশ কৰি এয়াৰটেল পেমেণ্ট বেংকে গ্ৰাহকৰ বাবে আৰম্ভ কৰিছে সহজলভ্য ঋণৰ সুবিধা।

বেংকৰ গ্ৰাহকসকলে এতিয়াৰে পৰা এয়াৰটেল থ্যাংকছ এপ’ৰ জৰিয়তে মুথুট ফাইনেন্সত স্বৰ্ণ ঋণ (Gold Loan) ৰ বাবে কৰিব পাৰিব আবেদন।

এক বিবৃতিত কােম্পানীটােৱে প্ৰকাশ কৰা অনুসৰি, এয়াৰটেল পেমেণ্ট বেংকৰ গ্ৰাহকসকলে ইয়াৰ বাবে কােনাে প্ৰচেছিং ফিচ দিবলগীয়া নহ’ব।

মুথুট ফাইনেন্সৰ পৰা গল্ড লোণৰ সুবিধা লাভ কৰিব পাৰিব।

সৰ্বাধিক মূল্য প্ৰদানৰে মুথুট ফাইনেন্সে প্ৰতিশ্ৰুতি দিয়া অনুসৰি ৭৫% লৈকে সোণৰ মূল্যৰ ওপৰত ভিত্তি কৰি লোণ আগবঢ়াব আৰু গ্ৰাহকসকলে দুৱাৰ দলিতে ৫০,০০০ টকা বা  তাতোকৈ অধিক লোণৰ সুবিধা লাভ কৰিব পাৰিব।

এয়াৰটেল থ্যাংকছ এপ’ৰ জৰিয়তে, গ্ৰাহকসকলে লোণৰ বাবে আবেদন কৰাৰ অতি কম মাত্ৰাৰ পৰিমাণ হৈছে ৩০০০ টকা আৰু ইয়াৰ ম্যাদ অতি সীমিত অৰ্থাৎ আবেদনৰ পৰা মাথোঁ ৭ দিন।

গ্ৰাহকসকলে দাঁতি কাষৰীয়া বেংকৰ কাষ চাপি এয়াৰটেল পেমেণ্ট বেংকৰ জৰিয়তে  ৫,০০,০০০ টকাৰ গল্ড লোণৰ আবেদন কৰিব পাৰে।

এয়াৰটেল পেমেণ্ট বেংকৰ মুখ্য সঞ্চালন বিষয়া  গণেশ অনন্তনাৰায়ণনে কয়; “গল্ড লোণ হৈছে সুৰক্ষিত লোণ, যি ব্যক্তিগতৰ পৰা পেছাদাৰীলৈকে বিভিন্ন প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ লাভ কৰিব পাৰি। আমি এয়াৰটেল থ্যাংকছ এপ’ৰ জৰিয়তে গল্ড লোণৰ সহজ প্ৰৱেশাধিকাৰ আগবঢ়োৱাৰ বাবে মুথুট ফাইনেন্সৰ সৈতে অংশীদাৰী ত্বৰান্বিত কৰি আনন্দিত। মুথুট ফাইনেন্সে আগবঢ়োৱা নমনীয় পে-বেক সুবিধাই ইয়াক গ্ৰাহকসকলৰ বাবে এক উৎকৃষ্ট সমাধান কৰি তুলিছে, যিসকলে হ্ৰস্ব বা দীৰ্ঘম্যাদী লোণ বিচাৰি আছে। আমি আশা কৰিছোঁ যে আমাৰ গ্ৰাহকসকলে ইয়াৰ পৰা লাভাম্বিত হ’ব।”

অংশীদাৰিত্বৰ বিষয়ে ক’বলৈ গৈ মুথুট ফাইনেন্সৰ যুটীয়া পৰিচালনা সঞ্চালক আলেকজেণ্ডাৰ জৰ্জ মুথুটে কয়; ” গ্ৰাহকক এক কাৰ্যকৰী লোণৰ সুবিধা আগবঢ়াবলৈ আমি এয়াৰটেল পেমেণ্ট বেংকৰ সৈতে অংশীদাৰীত্ব কৰি উৎসাহিত। অংশীদাৰীত্বই গ্ৰাহকক সুৰক্ষিত আৰু সুলভ লোণৰ প্ৰৱেশাধিকাৰ প্ৰদান কৰিব।”

গল্ড লোণৰ বাবে আবেদন কৰাৰ তিনিটা সৰল পদক্ষেপ:

১. এয়াৰটেল থ্যাংকছ এপ’ লগইন কৰক আৰু বেংকৰ শাখালৈ যাওক

২. গল্ড লোণ আইকনত ক্লিক কৰক আৰু প্ৰয়োজনীয় তথ্য উপস্থাপন কৰক (স্থান, লোণৰ পৰিমাণ আৰু সময়সীমা)

৩. মুথুট ফাইনেন্স দলৰ সৈতে বিৱৰণ ভাগ বতৰা কৰিবলৈ প্ৰয়োজনীয় অনুমতি দিয়ক

মুথুট ফাইনেন্স দলে আবেদনটো প্ৰক্ৰিয়া কৰিবলৈ মিনিটৰ ভিতৰত গ্ৰাহকৰ সৈতে সংযোগ স্থাপন কৰিব।

Leave a Comment