এসপ্তাহ পূৰ্বে লস্কৰ-এ-তৈবাত যােগদান দিয়া যুৱকসহ ৩ সন্ত্ৰাসবাদী এনকাউন্টাৰত নিহত

নিউজ ডেস্ক। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পিছতে পুনৰ উত্তপ্ত হৈ পৰিছে জম্মু-কাশ্মীৰ। দেওবাৰে সন্ধিয়া সেনা-আৰক্ষীয়ে চলোৱা অভিযানত পুলৱামাৰ পহু এলেকাত পুনৰ নিহত হয় ৩জনকৈ সন্ত্ৰাসবাদী।

নিহত সন্ত্ৰাসবাদী কেইজন আছিল লস্কৰ-এ-তৈবাৰ সদস্য।

ইফালে আৰক্ষীয়ে জানিবলৈ দিয়া মতে, নিহত সন্ত্ৰাসবাদী কেইজনৰ ভিতৰত এজন আছিল ১৭ বছৰীয়া কিশোৰ।

P3 12
এসপ্তাহ পূৰ্বে লস্কৰ-এ-তৈবাত যােগদান দিয়া যুৱকসহ ৩ সন্ত্ৰাসবাদী এনকাউন্টাৰত নিহত 2

মাত্ৰ এসপ্তাহ পূৰ্বে সন্ত্ৰাসবাদী সংগঠনত যোগ দিয়া কিশোৰজনো নিহত হয় এনকাউণ্টাৰত।

নিহত কিশোৰ সন্ত্ৰাসবাদীজনৰ ঘৰ শ্ৰীনগৰৰ খান্যাৰত বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

ইতিমধ্যে পোহৰলৈ আহিছে সেনা-আৰক্ষীৰ অভিযানৰ এটা ভিডিঅ’। ড্ৰোণ কেমেৰাত বন্দী হোৱা দৃশ্যত দেখা গৈছে তিনি সন্ত্ৰাসবাদীক।

উল্লেখ্য যে, বিগত তিনি দিনত জম্মু-কাশ্মীৰত চলা ৪ টা অভিযানত নিহত হৈছে ১০ জনকৈ সন্ত্ৰাসবাদীৰ।

সন্ত্ৰাসবাদীৰ বিৰুদ্ধে পুলৱামাত অভিযান বৰ্তমানো অব্যাহত আছে।

Leave a Comment