ৰাষ্ট্ৰীয়অসমীয়া

এসপ্তাহ পূৰ্বে লস্কৰ-এ-তৈবাত যােগদান দিয়া যুৱকসহ ৩ সন্ত্ৰাসবাদী এনকাউন্টাৰত নিহত

নিউজ ডেস্ক। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পিছতে পুনৰ উত্তপ্ত হৈ পৰিছে জম্মু-কাশ্মীৰ। দেওবাৰে সন্ধিয়া সেনা-আৰক্ষীয়ে চলোৱা অভিযানত পুলৱামাৰ পহু এলেকাত পুনৰ নিহত হয় ৩জনকৈ সন্ত্ৰাসবাদী।

নিহত সন্ত্ৰাসবাদী কেইজন আছিল লস্কৰ-এ-তৈবাৰ সদস্য।

ইফালে আৰক্ষীয়ে জানিবলৈ দিয়া মতে, নিহত সন্ত্ৰাসবাদী কেইজনৰ ভিতৰত এজন আছিল ১৭ বছৰীয়া কিশোৰ।

P3 12

মাত্ৰ এসপ্তাহ পূৰ্বে সন্ত্ৰাসবাদী সংগঠনত যোগ দিয়া কিশোৰজনো নিহত হয় এনকাউণ্টাৰত।

নিহত কিশোৰ সন্ত্ৰাসবাদীজনৰ ঘৰ শ্ৰীনগৰৰ খান্যাৰত বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

ইতিমধ্যে পোহৰলৈ আহিছে সেনা-আৰক্ষীৰ অভিযানৰ এটা ভিডিঅ’। ড্ৰোণ কেমেৰাত বন্দী হোৱা দৃশ্যত দেখা গৈছে তিনি সন্ত্ৰাসবাদীক।

উল্লেখ্য যে, বিগত তিনি দিনত জম্মু-কাশ্মীৰত চলা ৪ টা অভিযানত নিহত হৈছে ১০ জনকৈ সন্ত্ৰাসবাদীৰ।

সন্ত্ৰাসবাদীৰ বিৰুদ্ধে পুলৱামাত অভিযান বৰ্তমানো অব্যাহত আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *