অসমঅসমীয়া

‘আপ’ক ষড়যন্ত্ৰমূলকভাৱে জয়ী কৰাইছে বাংলাদেশী মিঞা মুছলমানেঃ শিলাদিত্য দেৱ

নিউজ ডেস্ক। গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে জয়লাভ কৰিলে বিজেপিয়ে।

৬০টা ৱাৰ্ডৰ ভিতৰত ৫৮টাতে বিশাল জয় সাব্যস্ত কৰি পুনৰ এবাৰ অপ্ৰতিৰোধ্য প্ৰমাণিত হ’ল বিজেপি।

কিন্তু এতিয়া বিজেপিৰ এই বৃহৎ জয় উদযাপন কৰাৰ বিপৰীতে বাকী দুটা ৱাৰ্ডত সন্মুখীন হোৱা পৰাজয়ক লৈহে যেন দলটোৰ নেতা-কৰ্মী সকলো দুঃখিত হৈ পৰা পৰিলক্ষিত হৈছে।

আম আদমী পাৰ্টী আৰু অসম জাতীয় পৰিষদৰ দখললৈ যোৱা ৱাৰ্ড দুটাত এতিয়া মিঞা ভোট থকাৰ বাবেই বিজেপি পৰাজিত হোৱা বুলি দাবী কৰি মন্তব্য কৰিছে কেইবাগৰাকীও মন্ত্ৰী-বিধায়কে।

Shiladitya Dev

শেহতীয়াকৈ এইবাৰ এই সন্দৰ্ভতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে বিজেপিৰ বিতৰ্কিত বিধায়ক শিলাদিত্যদেৱে।

বাংলাদেশী মিঞা মুছলমানে ষড়যন্ত্ৰমূলকভাৱে এটা ৱাৰ্ডত আম আদমী পাৰ্টীক জয়ী কৰাইছে বুলি দাবী কৰে শিলাদিত্য দেৱে। তেওঁৰ মতে, কাগজে পত্ৰই ভাৰতীয় নাগৰিকত্ব লাভ কৰা অথচ অন্তৰৰ পৰা এতিয়াও বাংলাদেশী লোকৰ ভোটত জয়ী হৈছে আম আদমী পাৰ্টী।

অসমৰ ৰাজনীতিত প্ৰৱেশ ঘটা আম আদমী পাৰ্টী বিজেপিৰ বাবে কেতিয়াও প্ৰত্যাহ্বান হ’ব নোৱাৰে বুলিও মন্তব্য কৰে বিতৰ্কিত বিধায়কগৰাকীয়ে। তেওঁৰ কয়, ”মুছলমানৰ ভোট বিচাৰি আগতে বহুত হাতযোৰ কৰিলোঁ। কিন্তু তাৰ পিছতো তেওঁলোকে আমাক ভোট নিদিয়ে। গতিকে এতিয়া আমি হাত জোৰ কৰিবলৈ এৰি দিলোঁ।’’

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ শ্ল’গান ‘সবকে সাথ, সবকে বিকাশ, সবকে বিশ্বাস’ৰ নতুন ৰূপ প্ৰদান কৰি শিলাদিত্য দেৱে কয়, এতিয়া ‘সবকে সাথ, সবকে বিকাশ আৰু কেৱল হিন্দুৰ হে বিশ্বাস’ শ্ল’গানহে হোৱা উচিত। কাৰণ মুছলমানে বিজেপিক ভোট নিদিয়ে। কিন্তু আমি তেওঁলোকৰ সৈতে কেতিয়াও ভেদভাৱ কৰা নাই।’

আনহাতে কংগ্ৰেছ এৰি তৃণমূল কংগ্ৰেছত যোগদান কৰা ৰিপুণ বৰা সন্দৰ্ভত শিলাদিত্য দেৱে কয়, ‘যিজন ব্যক্তিয়ে এটা ১৪০ বছৰীয়া পুৰণি দলৰ সভাপতি হৈ থাকি দলটোক ডুবাই পেলালে, তেনে এজন ব্যক্তিয়ে নতুনকৈ জন্ম হোৱা তৃণমূল কংগ্ৰেছৰ কি উন্নয়ন কৰিবলৈ সক্ষম হ’ব?’

Leave a Reply

Your email address will not be published. Required fields are marked *