অসম

এল্ট’ৰ তেলৰ টেংকীৰ ভিতৰত লুকুৱাই অনা অৱস্থাত জব্দ ৩ কোটি টকা মূল্যৰ ড্ৰাগছ…

ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ অভিযান।

পুনৰ ৰাজ্যত আৰক্ষীৰ অভিযানত জব্দ কোটি কোটি টকা মূল্যৰ ড্ৰাগছ।

এল্ট’ বাহনৰ তেলৰ টেংকীৰ ভিতৰত লুকুৱাই অনা অৱস্থাত জব্দ হৈছে ৩ কোটি টকা মূল্যৰ ড্ৰাগছ।

৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত হাইলাকান্দিত আৰক্ষীয়ে অতৰ্কিতে চলিল অভিযান চলাই জব্দ কৰে ড্ৰাগছখিনি।

স্থানীয় প‍াঁচগ্ৰাম এলেক‍াত তালাচী চলাই থকাৰ সময়তে এখন ৰৈ থক‍া বাহনৰ পৰা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে এই বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰীখিনি।

যাৰ ভিতৰতে আছে ২.৬ কিলোগ্ৰ‍াম ইয়াবা টেবলেট ‌আৰু ৩৫৭ গ্ৰাম সন্দেহযুক্ত হেৰ’য়িন।

ঘাইপথৰ কাষতে ৰৈ থক‍া  MZ-02-9626 নম্বৰৰ এখন মাৰুতি অল্টো গাড়ীৰ তেলৰ টেংকীৰ ভিতৰতে লুকুৱাই ৰখ‍‍া অবস্থাত আৰক্ষীয়ে জব্দ কৰিছে ড্ৰাগছখিনি।

জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য আনুমানিক ৩ কোটি টকা হ’ব বুলি ‌জন‍‍াইছে হাইলাকান্দিৰ উপ আৰক্ষী অধীক্ষক নিৰ্মল ঘোষে।

Leave a Reply

Your email address will not be published. Required fields are marked *