ৰাষ্ট্ৰীয়অসমঅসমীয়া

এবছৰ পূৰ্বে ৰাষ্ট্ৰপতিয়ে ভাৰ্চুৱেলী প্ৰদান কৰা অৰ্জুন বঁটা হাতত তুলি অভিভূত লাভলীনা বৰগােঁহাই

নিউজ ডেস্ক। এক ঐতিহাসিক মূহূৰ্ত। সন্মানীয় অৰ্জুন বঁটাৰ মেমেন্ট’ গ্ৰহণ কৰিলে অসমকন্যা অলিম্পিয়ান লাভলীনাই।

252350390-623240769034911-8275125833606086510-n

এবছৰ পূৰ্বে দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কােবিন্দৰ পৰা ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ভাৰ্চুৱেলী গ্ৰহণ কৰা সন্মানীয় অৰ্জুন বঁটা অৱশেষত নিজ হাতেৰে স্পৰ্শ কৰিলে অসম তথা দেশৰ গৌৰৱ লাভলীনাই।

249211275-409700467426489-6200455786150895543-n

উল্লেখ্য যে লাভলীনা বৰগোহাঁয়ে একাধিক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্সিং প্ৰতিযােগিতাত দেশৰ হৈ উৎকৃষ্ট ফলাফল দেখুওৱাৰ বাবে ২০২০ চনতে কেন্দ্ৰীয় চৰকাৰৰ ক্ৰীড়া মন্ত্ৰালয়ৰ পৰা লাভ কৰিছিল এই বঁটা।

248705104-409700520759817-4094178044808693116-n

সোমবাৰে দেশৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী অনুৰাগ ঠাকুৰত লাভলীনাক এই বঁটা নিজ হাতেৰে অৰ্পণ কৰে।

লাভলীনাই এবছৰৰ অন্তত এই বঁটা স্পৰ্শ কৰিবলৈ পাই উৎফুল্লিত হৈ পৰে। সামাজিক মাধ্যমত এই বিশেষ মুহূৰ্তত কেবাটাও ফটাে প্ৰকাশ কৰে লাভলীনাই।

সম্প্ৰতি সামাজিক মাধ্যমতাে ভাইৰেল হৈ পৰিছে অৰ্জুন বঁটাৰ মােমন্টাে হাতত তুলি ধৰা লাভলীনাৰ বৰগােঁহাইৰ একাধিক ফটাে।

Leave a Reply

Your email address will not be published. Required fields are marked *