অসম

আৰম্ভ হ’ল ৫সমষ্টিৰ ভোটগণনা, কোনে মাৰিব শেষ হাঁহি…?

আৰম্ভ হ’ল উপ নিৰ্বাচনৰ ৫ সমষ্টিৰ ভোটগণনা।

থাওৰা, মৰিয়নি, ভৱানীপুৰ, গোসাইগাওঁ আৰু তামুলপুৰ সমষ্টিৰ ফলাফল ঘোষণা হ’ব।

৩৯ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হব আজি।

৫টা সমষ্টিতে কংগ্ৰেছে প্ৰতিদ্বন্দ্বিতা কৰিছে, চিপিআই-য়ে এজন, এআইইউডিএফৰ দুজন, ইউপিপিএলৰ দুজন, বিপিএফৰ এজন, ভোটাৰ্ছ পাৰ্টী ইণ্টাৰনেশ্যনলৰ তিনিজন, নেশ্যনেল ৰুট মেপ পাৰ্টীৰ এজন, অসম সংগ্ৰামী মঞ্চৰ এজন, গণ সুৰক্ষা পাৰ্টীৰ দুজন আৰু নিৰ্দলীয় ১৮জন প্ৰাৰ্থীয়ে এই ৫টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব।

বিজেপিৰ ৩জন প্ৰাৰ্থীৰ ৩টা সমষ্টিতবিজেপিৰ ৩জন প্ৰাৰ্থীৰ ৩টা সমষ্টিত আগবঢ়াইছে প্ৰাৰ্থিত্ব।

৫ টা সমষ্টিত ৭৪.০৪ শতাংশ ভোটদান সম্পন্ন হৈছিল।

ভৱানীপুৰ সমষ্টিত সৰ্বাধিক ৭৮ শতাংশ ভোটদান হৈছে।

থাওৰাত ৭৭.৫৬%, গোসাইগাঁৱত ৭৭.৩৭% ভোটদান।

মৰিয়নীত ৭১.৭০%, তামুলপুৰত ৬৭.৮৮% ভোটদান।

Leave a Reply

Your email address will not be published. Required fields are marked *