এনেবোৰ প্ৰশ্ন মুখ্যমন্ত্ৰীক সোধাটো ভাল কথা নহয়ঃ সাংবাদিকক কিয় উপদেশ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

নিউজ ডেস্কঃ এইবাৰ সাংবাদিকক উপদেশ দিয়াত নামিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কোনবোৰ কথা সুধিব লাগে আৰু কোনবোৰ সুধিব নালাগে সেই প্ৰসংগত সাংবাদিকক উপদেশ মুখ্যমন্ত্ৰীৰ। এই সন্দৰ্ভত সংবাদ মাধ্যমৰ এডিটৰলৈ চিঠি লিখা বুলিও ক’লে মুখ্যমন্ত্ৰী শৰ্মাই।

দৰাচলতে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব, সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিছিল সাংবাদিকে। তাতেই বিৰক্তি জন্মিল মুখ্যমন্ত্ৰীৰ। পৰীক্ষা পতাৰ দায়িত্ব কণ্ট্ৰ’লাৰৰ, গতিকে তেওঁক হে ৰিজাল্ট সম্পৰ্কে সুধিব লাগে বুলি সাংবাদিকক পৰামৰ্শ দি মুখ্যমন্ত্ৰীয়ে ক’লে- মুখ্যমন্ত্ৰীক এনেবোৰ কথা সোধাটো ভাল কথা নহয়। মুখ্যমন্ত্ৰীয়ে পৰীক্ষা নাপাতে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে ক’লে যে, তেও যদি ভুলতে বেলেগ মন্তব্য কৰে, তাৰ আধাৰতে পুনৰ বাতৰি সম্প্ৰচাৰ কৰি সংবাদ মাধ্যম সমূহেই ৰহস্যৰ গোন্ধ বিচাৰি পাব। কোনবোৰ কথা সাংবাদিকে মুখ্যমন্ত্ৰীক সুধিব নালাগে, সেই সম্পৰ্কে এডিটৰলৈ চিঠি লিখা বুলি মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই।

অসমখন উন্নয়নৰ পথত আগুৱাই নিবলৈ সাংবাদিক সকলে সহযোগিতা আগবঢ়াব লাগিব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।

উল্লেখ্য যে, সাধাৰণতে সকলো বিষয়তে মাত মাতি ভাল পোৱা মুখ্যমন্ত্ৰীক সাংবাদিকে প্ৰশ্ন সুধিলেহে কেৱল জগৰ লগা ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আনহাতে সংবাদ মাধ্যমৰ প্ৰশ্নৰ ওপৰতো মুখ্যমন্ত্ৰী আৰু চৰকাৰৰ দমনমূলক নীতিয়ে অসন্তুষ্ট কৰিছে একাংশক।