কয়লা খনিত ভয়ংকৰ অঘটন, গেছ নিৰ্গমনৰ ফলত ৩ শ্ৰমিকৰ কৰুণ মৃত্যু…

তিনিচুকীয়াৰ লিডু কয়লা খনিত ভয়ংকৰ অঘটনা।

মৃত্যুক সাৱতি লয় কয়লা খনিৰ ৩ শ্রমিকে।

লিডুৰ কংগ্ৰেছ ফিল্ডৰ সমীপৰ এটা কয়লা খনিত গেছ নিৰ্গমন হৈ ৩ জন শ্ৰমিকৰ মৃত্যু হয়।

দেওবাৰে নিশাৰ ভাগত সংঘটিত হয় এই ঘটনা।

মৃত্যু হোৱা দুজন শ্রমিকৰ ঘৰ যোগীঘোপাত আৰু এজনৰ ঘৰ গোৱালপাৰাৰ বগুৱানত বুলি জানিব পৰা গৈছে।

শ্রমিক কেইজনৰ নাম ক্ৰমে ছহিদুল ইছলাম, হুছেইন আলী, আছমত আলী।

আনহাতে গেছ নিৰ্গমনৰ ফলত আহত হৈছে আন কেইবাজনো শ্রমিক।

অভিযোগ অনুসৰি ঘটনা গাপ দিয়াৰ চেষ্টা চলাইছিল কয়লাৰ খনিৰ মালিকে।

শ্ৰমিক কেইজনৰ মৃত্যু হোৱাৰ পিছত পৰিয়ালৰ লোকৰ সৈতে যোগাযোগ নকৰি নিশা অতি গোপনৰে জেচিবি লগাই মৃতদেহ পুতি ৰখাৰ অভিযোগ কৰিছে পৰিয়ালৰ লোকৰ।