অসম

আজি মাজুলীৰ উপ নিৰ্বাচনঃ কোন হ’ব সৰ্বানন্দ সোণোৱালৰ উত্তৰসুৰী…?

আজি বহু প্ৰত্যাশিত মাজুলীৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণ।

পুৱা ৭ বজাৰ লগে লগে আৰম্ভ হৈছে ভোটদান প্ৰক্ৰিয়া।

মাজুলীত মুঠ ২০৩টা ভোটকেন্দ্ৰত হ’ব ভোটদান প্ৰক্ৰিয়া।

১,৩৩,২২৭ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ৩ গৰাকী প্ৰাৰ্থীৰ ভাগ্য।

ইয়াৰ ভিতৰত পুৰুষ ভোটাৰৰ সংখ্যা ৬৭, ৮১৯ গৰাকী আৰু মহিলা ভোটাৰৰ সংখ্যা ৬৫,৪০৮ গৰাকী।

উল্লেখ্য যে, বহু চৰ্চিত মাজুলী উপ নিৰ্বাচনত বিজেপি মিত্ৰজোটৰ হৈ প্ৰাৰ্থিত্ব আগবঢ়াইছে ভূৱন গামে।

আনহাতে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হৈছে চিত্তৰঞ্জন বসুমতাৰী।

আনগৰাকী প্ৰাৰ্থী হৈছে এছইউচিআইৰ প্ৰাৰ্থী ভাইটি ৰিচঙ।

উল্লেখ্য যে, মাজুলীত ১৫ টা মহিলা ভোট কেন্দ্ৰত ৬০ গৰাকী চৰকাৰী মহিলা কৰ্মচাৰীয়ে চলাব নিৰ্বাচন প্ৰক্ৰিয়া।

ইয়াৰ উপৰিও মাজুলী বিধান সভা সমষ্টিত তিনিটা আৰ্দশ ভোট কেন্দ্ৰ স্থাপন কৰিছে। আদৰ্শ ভোট কেন্দ্ৰ তিনিটা প্ৰশাসনে সজাই পৰাই তুলিছে।

উল্লেখ্য যে, আবেলি ৫ বজালৈ ভোটগ্ৰহণ কেন্দ্ৰসমূহত চলিব ভোটদান প্ৰক্ৰিয়া।

Leave a Reply

Your email address will not be published. Required fields are marked *