এদিনৰ বাবে অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান হৈ দায়িত্ব পালন কৰিলে এটি ১২ বছৰীয়া শিশুৱে, কাৰণ…

নিউজ ডেস্কঃ এদিনৰ বাবে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান (এডিজি) হ’ল এটি ১২ বছৰীয়া শিশু।

এডিজিৰ পোছাক পৰিধান কৰি কাৰ্যালয়ত প্ৰৱেশ কৰা শিশুটিক চেল্যুট জনালে আন আন আৰক্ষী বিষয়াসকলে।

কেৱল সেয়াই নহয়, এগৰাকী এডিজিয়ে কৰাৰ ধৰণে কাম আৰু নিৰ্দেশো জাৰি কৰে শিশুটিয়ে।

দৰাচলতে কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা হৰ্ষ ডুবে নামৰ ১২ বছৰীয়া শিশুটিৰ মনোবল বৃদ্ধিৰ বাবে তেওঁক এদিনৰ বাবে এডিজি পদত অধিষ্ঠিত কৰোৱা হয়।

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ এডিজি প্ৰেম প্ৰকাশে নিজেই হৰ্ষক এই শীৰ্ষ পদত বহুৱাই এদিনৰ বাবে কাৰ্যালয়ৰ সমস্ত নেতৃত্ব অৰ্পণ কৰে।

image 35
এদিনৰ বাবে অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান হৈ দায়িত্ব পালন কৰিলে এটি ১২ বছৰীয়া শিশুৱে, কাৰণ… 5

এই সময়ছোৱাত ১২ বছৰীয়া হৰ্ষই এগৰাকী প্ৰকৃত এডিজিৰ দৰেই আৰক্ষীৰ এখন বৈঠকতো অংশ লয়।

সমান্তৰালভাৱে এডিজিৰ সৈতে সম্পৰ্কিত কেইবাটাও নিৰ্দেশত স্বাক্ষৰ কৰি নিজৰ কৰ্তব্য সম্পাদন কৰে।

উল্লেখ্য যে, যোৱা দুটা বছৰে কৰ্কট ৰোগৰ চিকিৎসা চলি আছে হৰ্ষ ডুবেৰ। এই সময়ত শিশুটিক সহায় কৰিবলৈ আগবাঢ়ি আহিছে জিলাখনৰ বহু কেইগৰাকী উচ্চপদস্থ বিষয়া আৰু গণ্যমান্য ব্যক্তি।

photo1656924300
এদিনৰ বাবে অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান হৈ দায়িত্ব পালন কৰিলে এটি ১২ বছৰীয়া শিশুৱে, কাৰণ… 6

হৰ্ষৰ পিতৃ সঞ্জয় ডুবে পেছাত এগৰাকী ই-ৰিক্সা চালক।

সেয়ে এডিজি আৰু অন্যান্য সমাজকৰ্মীসকলে আগবাঢ়ি আহি সিদ্ধান্ত লয় যে হৰ্ষৰ মনোমল বৃদ্ধিৰ বাবে প্ৰয়াস কৰা উচিত। যাৰ বাবেই এদিনৰ বাবে হৰ্ষক জিলাখনৰ এডিজি হিচাপে দায়িত্বভাৰ অৰ্পণ কৰা হয়।

photo1656924306
এদিনৰ বাবে অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান হৈ দায়িত্ব পালন কৰিলে এটি ১২ বছৰীয়া শিশুৱে, কাৰণ… 7

হৰ্ষই এডিজিৰ চকীত বহাৰ পিছত বিষয়াসকলে তেওঁক চেল্যুট জনায়।

এই সময়ছোৱাত হৰ্ষৰ সৈতে কমলা নেহৰু হাস্পতালৰ চিকিৎসক তথা পদ্মশ্ৰী বঁটা বিজয়ী ডাঃ বি পলৰ লগতে ডাঃ ৰাধাৰাণী ঘোষ, অস্ত্ৰোপচাৰ বিশেষজ্ঞ বিশাল কেওলানী আৰু পংকজ ৰিজৱানীও উপস্থিত থাকে।

লগতে চাওকঃ

নেতা-মন্ত্ৰীক নহয়, অৱসৰৰ পিছত স্বগৃহলৈ উভতি অহা এগৰাকী সেনা জোৱানক ঢোলে-দগৰে আদৰণি জনালে গাঁওবাসীয়ে

photo1656917248
এদিনৰ বাবে অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান হৈ দায়িত্ব পালন কৰিলে এটি ১২ বছৰীয়া শিশুৱে, কাৰণ… 8