এতিয়াৰে পৰা মন গ’লেই অসম-উত্তৰ পূৱ ভ্ৰমণ কৰিব নোৱাৰিব আমেৰিকাৰ নাগৰিকে।
অসম তথা উত্তৰ-পূৰ্বাঞ্চল ভ্রমণৰ ক্ষেত্রত আমেৰিকাৰ বিষয়া-কৰ্মচাৰীক সতৰ্কবাণী জাৰি কৰা হৈছে।
এতিয়াৰে পৰা কলকাতাত থকা দেশখনৰ কন্সুলেট জেনেৰেলৰ অনুমতি লৈহে ভ্রমণ কৰিব পাৰিব।
নিৰাপত্তাজনিত কাৰণতে এনে সতৰ্কবাণী আমেৰিকাৰ।
কাশ্মীৰ ভ্রমণ নকৰিবলৈও নাগৰিকক সতৰ্কবাণী।
ভাৰত-পাকিস্তান সীমান্তৰ ১০কিঃমিঃৰ ভিতৰৰ এলেকা ভ্রমণ নকৰিবলৈও সতৰ্কবাণী।
মহাৰাষ্ট্ৰ, পশ্চিমবংগ, তেলেংগানাৰ মাওবাদী অধ্যুষিত এলেকাৰ ক্ষেত্রতো সতৰ্কবাণী।
দেশত বলাৎকাৰ বৃহত্তম অপৰাধ হিচাপে পৰিগণিত হোৱাৰ কথাও উল্লেখ সতৰ্কবাণীত।
সতৰ্কবাণীত উত্তৰ-পূৰ্বাঞ্চলত সঘনাই বিস্ফোৰণ আদিৰ কথাও উল্লেখ।









