১ ছেপ্টেম্বৰৰ পৰা অসম আৰক্ষীৰ ৬৬৬২টা পদৰ বাবে আৰম্ভ হ’ব PST/PET…

অসম আৰক্ষীৰ ৬৬৬২টা কনিষ্টবল পদৰ বাবে আৰম্ভ হ’ব PST/PET।

১ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব এই পৰীক্ষা।

আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই এক টুইটযোগে এই কথা সদৰি কৰিছে।

প্রথম পৰ্যায়ত ১৫ খন জিলাৰ পৰা আৰম্ভ হ’ব এই প্রক্রিয়া।

প্রাৰ্থীসকলে ২০ আগষ্টৰ পৰা ডাউনল’ড কৰিব পাৰিব প্রবেশ পত্র।

জিলা কেইখন ক্ৰমে- বিশ্বনাথ, চিৰাং, দৰং, ধেমাজি, ধুবুৰী, হাইলাকান্দি, হোজাই, যোৰহাত, মৰিগাঁও, কামৰূপ (মেট্ৰ’), কৰিমগঞ্জ, কাৰ্বি আংলং, শিৱসাগৰ, শোণিতপুৰ আৰু ওদালগুৰি জিলা।

 ইতিমধ্যে PST/PETত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলে পুনৰ অৱতীৰ্ণ হোৱাৰ প্ৰয়োজন নাই।

প্ৰাৰ্থীসকলক www.slprbassam.in ৱেবছাইটৰ পৰা তেওঁলোকৰ প্ৰৱেশ পত্ৰ ডাউনলোড কৰিবলৈ আহ্বান জনোৱা হৈছে।

Leave a Comment