এতিয়াৰ পৰা মোবাইল ভেনৰ জৰিয়তে পদূলিমুখতে পাব গাহৰিৰ মাংস…

গুৱাহাটীবাসীৰ বাবে ভাল খবৰ।

এতিয়াৰে পৰা মহানগৰীত মোবাইল ভেনৰ জৰিয়তে পূদলিমুখতে লাভ কৰিব পাৰিব গাহৰিৰ মাংস।

প্ৰথমবাৰৰ বাবে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত Pork on wheels ব্যৱস্থা কৰা হৈছে।

৮ খন বিশেষ বাহনেৰে যোগান ধৰা হ’ব থলুৱা গাহৰিৰ মাংস।

ইয়াৰ জৰিয়তে গ্ৰাহকে পাব সতেজ আৰু হাইজিন মাংস।

‘Duarah’s Bacon’ ৰ প্ৰচেষ্টাৰ ফলতেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

মঙলবাৰে ‘Duarah’s Bacon’ ৰ শুভাৰম্ভণি কৰে মন্ত্ৰী অতুল বৰাই।

উক্ত অনুষ্ঠানত উপস্থিত থাকে জি এম চি আয়ুক্ত দেবাশিষ শৰ্মা।

গ্ৰাহকৰ ভাল সহাৰি পালে ঘৰে ঘৰে মাংস যোগান ধৰাৰ ব্যৱস্থা কৰাৰো সম্ভাৱনা।

Leave a Comment