অসম

GMCHত মৃত্যুৰ প্ৰমাণ পত্ৰৰ নামত ৫ হাজাৰ টকা উৎকোচ লৈ আৰক্ষীৰ জালত কৰ্মচাৰী…

GMCHত পুনৰ সংঘটিত হৈছে ভয়ংকৰ ঘটনা।

মৃত্যুৰ প্ৰমাণ পত্ৰৰ বিনিময়ত ৫০০০ টকা উৎকোচ লোৱাৰ অভিযোগত GMCHৰ এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক আটক।

আটকাধীন কৰ্মচাৰীগৰাকীৰ নাম গৌতম দাস।

জি এম চি এইছৰ ফৰেনচিক বিভাগৰ কৰ্মচাৰী আছিল গৌতম দাস।

গৌতম দাসে মৰণোত্তৰ প্ৰমাণ পত্ৰ বিনিময়ত GOOGLE PAY যোগে লৈছিল ধন।

মোহিত আগৰৱালা নামৰ এজন ব্যক্তিৰ পৰা সংগ্ৰহ কৰিছিল ৫ হাজাৰ টকা।

ই ঘটনা সন্দৰ্ভত GMCH কৰ্তৃপক্ষক অৱগত কৰোৱাৰ পিছত মেডিকেল কলেজখনৰ অধীক্ষক অভিজিৎ শৰ্মাই দাখিল কৰে এজাহাৰ।

এজাহাৰৰ ভিত্তিত ভঙাগড় আৰক্ষীয়ে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীগৰাকীক আটক কৰি জেৰা অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *