এগৰাকী জনজাতীয় মহিলা ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ দিনটোতে হাস্পতালত মৃত্যুৰ সৈতে যুঁজিছে মইনা নায়কে

নিউজ ডেস্কঃ আজি ঘোষণা কৰা হব দেশৰ ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনৰ ফলাফল। হয়তো প্ৰথমবাৰৰ বাবে এগৰাকী জনজাতীয় মহিলা এইবাৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হ’ব।

এগৰাকী জনজাতীয় মহিলাক ৰাষ্ট্ৰপতি পদৰ বাবে থিয় কৰাই জনগোষ্ঠীয় আবেগৰ সুযোগ গ্ৰহণ কৰিছে বিজেপিয়ে। অসমতো জনজাতীয় আবেগৰ সৈতে ঠিকেই প্ৰচাৰ চলালে নেতা-মন্ত্ৰী-বিধায়কে।

দুদিন আগলৈকে কেমেৰাৰ সন্মুখত চিঞৰি চিঞৰি ‘জনজাতীয় মহিলাসকল আমাৰ আইৰ সমান’, ‘জনজাতীয় মহিলা ভগ্নীৰ সমান’ বুলি আবেগৰ খেল খেলা অসমৰ নেতা-মন্ত্ৰী-বিধায়কসকলে এতিয়া বাৰু মইনা নায়কৰ খবৰ ৰাখিছেনে?

ডিব্ৰুগড়ৰ লেপেটকটা চাহ বাগিচাৰ সাধাৰণ শ্ৰমিক মইনা নায়ক। যি এতিয়া জীৱন-মৃত্যুৰ সৈতে যুঁজি আছে হাস্পতালৰ বিচনাত। চাহ বাগান কৰ্তৃপক্ষ আৰু প্ৰশাসনৰ অৱহেলাৰ বাবেই মইনা নায়কৰ আজি এই অৱস্থা বুলি অভিযোগ কৰিছে অনেকে।

maina
এগৰাকী জনজাতীয় মহিলা ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ দিনটোতে হাস্পতালত মৃত্যুৰ সৈতে যুঁজিছে মইনা নায়কে 3

লেপেটকটা চাহ বাগিচাৰ কলঙৰৰ চিটিচি মেচিনৰ তলত ঝাড়ু দি থকাৰ সময়তে মইনা নায়কৰ সৈতে সংঘটিত হৈছিল সেই অঘটন! চাহপাত শুকোৱা মেচিনত চুলি সোমাই লাওখোলালৈকে এৰাই গৈছিল যুৱতীগৰাকীৰ।

গুৰুতৰভাৱে আহত মইনা নায়কক প্ৰথমে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ যোৱা হয় যদিও তাত শল্য চিকিৎসক নথকাৰ বাবে তাৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।

maina nayak
এগৰাকী জনজাতীয় মহিলা ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ দিনটোতে হাস্পতালত মৃত্যুৰ সৈতে যুঁজিছে মইনা নায়কে 4

আনহাতে যুৱতীগৰাকীক এখন সাধাৰণ এম্বুলেন্সযোগেহে জিএমচিএইছলৈ প্ৰেৰণ কৰা কাৰ্যক লৈও সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। মইনা নায়কক ন্যায় প্ৰদানৰ দাবীত সৰৱ হৈ উঠিছে সামাজিক মাধ্যম।

যি সময়ত এগৰাকী জনজাতীয় মহিলাৰ বিজয় উৎসৱ পালন কৰিবলৈ লাখ লাখ লোক সাজু হৈছে, সেই সময়ত অসমৰ এখন চাহ বাগানৰ এগৰাকী দৰিদ্ৰ জনজাতীয় মহিলাই হাস্পতালত মৃত্যুৰ সৈতে যুঁজিবলগীয়া ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।