জামিন লাভ কৰিলে বৰ্ষাশ্ৰীয়ে….

অৱশেষত জামিন লাভ কৰিলে বৰ্ষাশ্ৰী বুঢ়াগোহাঁয়ে।

বৰ্ষাশ্ৰীৰ জামিন মঞ্জুৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ।

১২ বজাৰ পৰা চলিছিল উচ্চ ন্যায়ালয়ৰ শুনানি প্ৰক্ৰিয়া।

অৱশেষত মুকলি আকাশৰ তললৈ ওলাব পাৰিব বৰ্ষাশ্ৰী।

উল্লেখ্য যে, ফেচবুকত বিতৰ্কিত প’ষ্ট কৰাৰ বাবে টীয়কৰ ১৯ বছৰীয়া বৰ্ষাশ্ৰী বুঢ়াগোঁহাই বিগত দুমাহ ধৰি কাৰাগাৰতে বন্দীহৈ আছে।

সামাজিক মাধ্যমত বৰ্ষাশ্ৰীক গ্ৰেপ্তাৰ কৰাকলৈ তীব্ৰ প্ৰতিক্ৰিয়া হোৱাৰ পাছত কাৰাগাৰৰ পৰাই তেওঁক বি এছ চি চেকেণ্ড চেমিষ্টাৰৰ পীৰক্ষা দিবলৈ অনুমতি প্ৰদান কৰিছিল আদালতে।

ইতিমধ্যে বৰ্ষাশ্ৰীৰ পিতৃ-মাতৃয়ে কাৰাগাৰৰ পৰা মুক্ত হোৱাৰ পাছত তেওঁলোকৰ কন্যাই কোনো নিষিদ্ধ ঘোষিত সংগঠনত যোগদান নকৰে বুলি আৰক্ষীক লিখি দিছে।