অসম

প্ৰসূতিৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি, চিকিৎসাৰ অভাৱত মৃত্যু হোৱাৰ অভিযোগ…

বৃহস্পতিবাৰে মাজুলীত সংঘটিত এক ঘটনাই পুনৰ দাঙি ধৰিলে মাজুলীৰ স্বাস্থ্য বিভাগৰ প্ৰকৃত ছবি।

মাজুলীৰ গড়মূৰ অসামৰিক চিকিৎসালয়ত চিকিৎসা কৰ্মীৰ চৰম গাফিলতিৰ ফলতে এগৰাকী প্ৰসূতিৰ মৃত্যু ঘটাৰ অভিযোগ উত্থাপন হৈছে।

জানিব পৰা মতে, পুৱা ৯ বজাতে মাজুলীৰ ফুলনিৰ মিচিং গাঁৱৰ পূজা নৰহ নামৰ প্ৰসূতিগৰাকীক ভৰ্তি কৰোৱা হৈছিল গড়মূৰৰ শ্ৰী শ্ৰী পীতাম্বৰদেৱ গোস্বামী জিলা চিকিৎসালয়ত।

কিন্তু স্ত্রী ৰোগ বিশেষজ্ঞ চিকিৎসক নথকাৰ বাবে উশাহ লোৱাত কষ্ট পায় প্ৰসূতিগৰাকীয়ে প্ৰাণ হেৰুৱায়। 

ইফালে, আশাই নাৰ্চক খবৰ দিয়ে যদিও নাৰ্চে বিষয়টো গুৰুত্ব নিদিয়াৰ ফলতেই এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে।

ইফালে চিকিৎসা কৰাৰ বিপৰীতে কৰ্তব্যৰত নাৰ্চে আশা কৰ্মী আৰু আত্মীয়ক গালি গালাজ পৰাৰ হে অভিযোগ উঠিছে।

আনহাতে, আন এগৰাকী প্ৰসূতিকো বুধবাৰে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসকৰ অভাৱত শেষ মুহূৰ্তত যোৰহাটলৈ প্ৰেৰণ কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *