এক-দুই কেজি নহয়; আৰক্ষী থানাৰ পৰা ৫০০ৰো অধিক কেজি গাঞ্জা খাই তহিলং কৰিলে নিগনিয়ে! আদালতত আৰক্ষীয়ে কৰা দাবীক লৈ তীব্ৰ প্ৰতিক্ৰিয়া…

নিউজ ডেস্কঃ নিগনিয়ে বহী-কিতাপ কুটাৰ কথা হয়তো আপুনি জানে। হয়তো আপোনাৰ ঘৰৰ কাপোৰো নিগনিয়ে কুটিব পাৰে। কিন্তু গাঞ্জা?

কোনোবাই যদি আপোনাক কয় যে নিগনিয়ে গাঞ্জা খায়, সেয়া আপুনি বিশ্বাস কৰিবনে?

আপুনি বিশ্বাস নকৰিলেও এনে এক উদ্ভট কাৰণ আদালতৰ আগত দাঙি ধৰিছে উত্তৰ প্ৰদেশ আৰক্ষীয়ে। আৰক্ষীৰ দাবী অনুসৰি, এক-দুই কিলো নহয়, বৰং ৫০০ কেজিতকৈও অধিক গাঞ্জা খাই তহিলং কৰিছে নিগনিয়ে।

আৰক্ষীয়ে জব্দ কৰা এই বৃহৎ পৰিমাণৰ গাঞ্জা আৰক্ষী থানাৰ গুদামৰ পৰা সন্ধানহীন হোৱাৰ পিছত আৰক্ষীয়ে আদালতত উল্লেখ কৰা এই দাবীক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

আদালতেও বিষয়টো মানি ল’ব নিবিচাৰি নিগনিয়ে গাঞ্জা খোৱাৰ প্ৰমাণ দাখিল কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিছে।

মথুৰা আদালতৰ সূত্ৰ অনুসৰি আৰক্ষীয়ে চলিত বৰ্ষৰ আৰম্ভণিতে অপৰাধীৰ পৰা শ শ কেজি গাঞ্জা উদ্ধাৰ কৰিছিল।

গোচৰৰ শুনানিৰ সময়ত আৰক্ষীয়ে আদালতক অৱগত কৰে যে জব্দ কৰা প্ৰায় ৬০ লাখ টকা মূল্যৰ ৫৮১ কেজি নিগনিয়ে খাই তহিলং কৰিছে।

ইয়াৰ উত্তৰত নিম্ন আদালতৰ ন্যায়াধীশে এছ এছ পি অভিষেক যাদৱে আৰক্ষীক কয় যে যদি সঁচাকৈয়ে নিগনিয়ে ইমান বৃহৎ পৰিমাণৰ গাঞ্জা খাই তহিলং কৰিছে, তেন্তে তাৰ প্ৰমাণ আদালতত আৰক্ষীয়ে দাখিল কৰিব লাগিব।

জানিব পৰা মতে, জব্দ কৰা গাঞ্জাখিনি যি গুদামত ৰখা হৈছিল, সেই গুদামটো ঘাইপথ থানা এলেকাৰ শ্বেৰগড়ত আছে। জিলা আদালতৰ ন্যায়াধীশগৰাকীয়ে জব্দ কৰা গাঞ্জাখিনি আদালতত দাখিল কৰিবলৈ কয় পূৰ্বৰ শুনানিৰ সময়ত।

অৱশ্যে সেইদিনা খালী হাতে আদালতৰ কক্ষত হাজিৰ হৈছিল আৰক্ষী। আৰু তাৰ পিছতে আৰক্ষীয়ে আদালতক শুনায় নিগনিয়ে ভাং খোৱাৰ অদ্ভূত কাহিনী।

জানিব পৰা মতে, এই গোচৰৰ পৰৱৰ্তী শুনানি গ্ৰহণ কৰা হ’ব ২৬ নৱেম্বৰত।