বৰপেটাৰোডৰ ৰাস মহোৎসৱৰ কপাল ফুলিল মাছ বিক্ৰেতা ৰবিৰাম বসুমতাৰীৰ।
মাত্ৰ ৫০ টকাৰ বিনিময়ত পালে ১৮ লাখ টকীয়া মূল্যৰ ইনোভা গাড়ী।
মাছ বিক্ৰেতা ৰবিৰাম বসুমতাৰীৰ ঘৰ বাক্সাৰ কালপানীত।
৫০ টকীয়া মূল্যৰ ১০০ টকাৰে মাত্ৰ দুটা টিকট ক্ৰয় কৰিছিল মাছ বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়া কালপানীৰ ৰবিৰাম বসুমতাৰীয়ে।
বুধবাৰে বৰপেটাৰোডৰ ৰাসৰ অন্তিম দিনটোত নিশা অনুষ্ঠিত হোৱা লটাৰী খেলৰ প্ৰথম পুৰস্কাৰ লাভ কৰে ৰবিৰামে।
বৰপেটাৰোড ৰাস মহোৎসৱৰ লটাৰীৰ প্ৰথম পুৰস্কাৰ হিচাপে থকা প্ৰায় ১৮ লাখ টকীয়া মূল্যৰ ইনোভা গাড়ীখন লাভ কৰি উৎফুল্লিত হৈ পৰিছে ৰবিৰাম বসুমতাৰী ওৰফে লাইথাৰ পৰিয়াল।
ইয়াৰ পিছতে ৰবিৰাম বসুমতাৰীয়ে গাড়ীখন বিক্ৰী কৰি দিন হাজিৰা কৰা দুই পুত্ৰক ব্যৱসায় কৰিবলৈ দোকানৰ ব্যৱস্থা কৰি দিব বুলি জানিবলৈ দিয়ে।