
একালৰ সতীৰ্থ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তক সাক্ষাৎ কৰি স্বাস্থ্যৰ বুজ ল’লে চন্দ্ৰমোহন পাটোৱাৰীয়ে
নিউজ ডেস্কঃ প্ৰায় একেলগে ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল তেওঁলোকে। একেলগে ৰাজ্য শাসনো কৰিছিল। কিন্তু সময়ৰ লগে লগে তেওঁলোকে পথ সলনি কৰিছিল। কিন্তু সুদীৰ্ঘ দিনৰ পিছত পুনৰ দেখা-সাক্ষাৎ ঘটিল একালৰ ৰাজনীতিৰ শক্তিশালী নেতাদুগৰাকীৰ।
উল্লেখ্য যে, এসময়ত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ ছাঁৰ দৰে আছিল চন্দ্ৰমোহন পাটোৱাৰী। পৰৱৰ্তী সময়ত প্ৰফুল্ল মহন্তই শাৰিৰীক অসুস্থতাৰ বাবে ৰাজনীতিৰ পৰা অৱসৰ লয় যদিও চন্দ্ৰমোহন পাটোৱাৰী বৰ্তমানো ৰাজ্য চৰকাৰৰ মন্ত্ৰী হিচাপে সক্ৰিয় ৰাজনীতিৰ সৈতে জড়িত।

শেহতীয়াকৈ একালৰ সতীৰ্থ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তক সাক্ষাৎ কৰে চন্দ্ৰমোহন পাটোৱাৰীয়ে। মঙলবাৰে পাটোৱাৰী সপত্নীক প্রফুল্ল মহন্তৰ দিছপুৰ আৱাসত উপস্থিত হৈ তেওঁৰ স্বাস্থ্যৰ বুজ লয়।
ইফালে দীৰ্ঘদিনৰ পিছত এনেদৰে মিলিত হৈ পুৰণি স্মৃতি সুঁৱৰি নষ্টালজিক হৈ পৰে দুয়োগৰাকী নেতা। তেওঁলোকে পুৰণি কথাবোৰৰ লগতে বৰ্তমানৰ বিভিন্ন বিষয় সন্দৰ্ভতো মত বিনিময় কৰে।
আনহাতে বিশিষ্ট সাহিত্যিক তথা চন্দ্ৰমোহন পাটোৱাৰীৰ পত্নী ড০ ৰীতা চৌধুৰীক লগ পাই আনন্দ ব্যক্ত কৰে প্ৰফুল্ল মহন্তৰ পত্নী জয়শ্ৰী গোস্বামী মহন্তইও।
উল্লেখ্য যে, ২০২১ৰ নিৰ্বাচনৰ পূৰ্বে হঠাৎ অসুস্থ হৈ পৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত। অৱশ্যে বৰ্তমান তেওঁৰ স্বাস্থ্য উন্নত হোৱা বুলি জানিব পৰা গৈছে।





