এইবাৰ দুবাৰকৈ অনুষ্ঠিত হ’ব JEE মেইনৰ পৰীক্ষা, প্ৰকাশ পালে সূচী….

JEE সম্পৰ্কে দীৰ্ঘদিন ধৰি চলি থকা জল্পনা-কল্পনাৰ অন্ত পেলাই ২০২২ বৰ্ষৰ যুটীয়া প্ৰৱেশ পৰীক্ষাৰ তাৰিখ ঘোষণা কৰা হৈছে।

ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই এইবাৰ দুবাৰকৈ অনুষ্ঠিত কৰিব JEE Main 2022 পৰীক্ষা।

JEE Main 2022ৰ প্ৰথম ছীজন এপ্ৰিলত অনুষ্ঠিত হ’ব আৰু দ্বিতীয়টো মে’ত অনুষ্ঠিত হ’ব।

প্ৰকাশিত সূচী অনুসৰি জে ই ই মেইন-২০২২ ৰ বাবে আবেদন প্ৰক্ৰিয়া ১ মাৰ্চ ২০২২ আৰু প্ৰথম পৰীক্ষাৰ বাবে জে ই ই মেইন আবেদন প্ৰপত্ৰ পূৰণ কৰাৰ অন্তিম তাৰিখ হৈছে ৩১ মাৰ্চ।

নেচনেল টেষ্টিং এজেন্সীয়ে জে ই ই মেইন-২০২২ৰ তাৰিখ ঘোষণা কৰাৰ সময়ত কয় যে, প্ৰথম ছিজন ১৬ এপ্ৰিলৰ পৰা ২১ এপ্ৰিলৰ ভিতৰত আৰু দ্বিতীয় ছিজন ২৪ মে’ৰ পৰা ২৯ মে’ৰ ভিতৰত অনুষ্ঠিত হ’ব।

 প্ৰাৰ্থীসকলে JEE Main 2022ৰ বিৱৰণৰ বাবে  jeemain.nta.nic.in অফিচিয়েল ৱেবছাইট দৰ্শন কৰিব পাৰে।

উল্লেখ্য, JEE Main দুখন কাকতৰ বাবে হ’ব। প্ৰথম কাকতখন BE আৰু BTec পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে কম্পিউটাৰ আধাৰিত হ’ব।

যদিও পেপাৰ 2A আৰু পেপাৰ 2B-ৰ বাবে গণিত আৰু দক্ষতা পৰীক্ষা সচৰাচৰ হয়।

JEE Main হিন্দী, ইংৰাজী আৰু গুজৰাটীৰ উপৰি অসমীয়া, বঙালী, কানাড়া, মালায়ালম, মাৰাঠী, ওড়িয়া, পাঞ্জাৱী, তামিল, তেলুগু, উৰ্দু ভাষাত পতা হ’ব।

Leave a Comment