ইউক্ৰেইনত আৱদ্ধ ভাৰতীয়ক উদ্ধাৰৰ বাবে ভাৰতীয় বায়ু সেনা বাহিনীক আহ্বান প্ৰধানমন্ত্ৰীৰ…

ইউক্ৰেইনত আৱদ্ধ ভাৰতীয় নাগৰিকক উদ্ধাৰৰ বাবে ভাৰতীয় বায়ু সেনা বাহিনীক আহ্বান জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ।

আৱদ্ধ হৈ থকা ভাৰতীয় নাগৰিক সকলক উদ্ধাৰৰ বাবে চলি থকা ‘অপাৰেশ্যন গংগা’ক অধিক ক্ষীপ্ৰতৰ কৰি তোলাৰ বাবে ভাৰতীয় বায়ু সেনা বাহিনীক সংযুক্ত হোৱাৰ বাবে আহ্বান জনায় দেশৰ প্ৰধানমন্ত্ৰীয়ে।

ইউক্ৰেইনত এগৰাকী ভাৰতীয় ছাত্ৰৰ গুলীবৰ্ষণৰ ফলত মৃত্যু হোৱাৰ পাছতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এখন উচ্চস্তৰীয় বৈঠকত অংশগ্ৰহণ কৰি এই আহ্বান জনায়।

প্ৰধানমন্ত্ৰীৰ আহ্বানৰ পাছতে ভাৰতীয় বায়ু সেনা বাহিনীয়ে ইউক্ৰেইনলৈ ভাৰতীয় ছাত্ৰ আৰু নাগৰিক সকলক উদ্ধাৰৰ বাবে ভাৰতীয় সেনা বাহিনীৰ বিশাল চি-১৭ গ্লোবমাষ্টাৰ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

উল্লেখ্য যে, এবাৰতে অধিক সংখ্যক আৱদ্ধ হৈ থকা ভাৰতীয় নাগৰিকক উদ্ধাৰ কৰাৰ লক্ষ্যৰে চি-১৭ গ্লোবমাষ্টাৰে ইউক্ৰেইনৰ সীমান্তৱৰ্তী দেশলৈ উৰা মাৰিব।

Leave a Comment