অসম

এইবাৰ চোৰাং গৰু সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলীচালনা, দুজন গুলীবিদ্ধ…

ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা।

এইবাৰ চোৰাং গৰু সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলীচালনা।

গৰুৰ চোৰাং বেহাৰ বিৰুদ্ধে ধুবুৰী আৰক্ষীৰ এক অভিযানত নিশা দুজনকৈ চোৰাং গৰু সৰবৰাহকাৰী গুলীবিদ্ধ হয়।

আনহাতে আৰক্ষীৰ অভিযানত উদ্ধাৰ এখন নাওসহ দহটাকৈ গৰু–ম’হ।

ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক অভিজিৎ গুৰাবে সদৰি কৰিছে এই তথ্য।

এক গোপন তথ্যৰ ভিত্তিত ধুবুৰী-গোৱালপাৰা আৰু দক্ষিণ শালমাৰা সীমান্তৰ চালবান্দা চৰাঞ্চলত নাৱেৰে নিশাৰে পৰা অভিযান চলাইছিল ধুবুৰী আৰক্ষীৰ এটা দলে।

অভিযানকাৰী আৰক্ষীয়ে গৰুৰ সৰবৰাহকাৰী দল এটাক দেখি ৰ’বলৈ নিৰ্দেশ দিয়ে। কিন্তু আৰক্ষীৰ নিৰ্দেশ অমান্য কৰি নিজৰ নাওখন লৈ পলাবলৈ চেষ্টা চলায় গৰুৰ চোৰাং সৰবৰাহকাৰীকেইজনে।

পলাবলৈ চেষ্টা চলোৱাৰ সময়তে আৰক্ষীয়ে গুলীচালনা কৰাত দুজনকৈ সৰবৰাহকাৰী গুলীবিদ্ধ হয়।

আনহাতে, আহত দুই সহযোগীক এৰি থৈ নিশাৰ এন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে আন কেইজন সৰবৰাহকাৰী।

বৰ্তমানে ধুবুৰী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে গুলীবিদ্ধ ৰফিক চান্দ আৰু ফকিৰ চান্দ নামৰ গৰুৰ  চোৰাং সৰবৰাহকাৰী দুজন।

দুয়োৰে ঘৰ ধুবুৰী সদৰ থানাৰ অন্তৰ্গত কাতলামাৰীত।

Leave a Reply

Your email address will not be published. Required fields are marked *