অসমঅসমীয়া

ট্ৰেন্সফৰ্মাৰৰ মেৰামতিত সময়ত চলিল জেনেৰেটৰ, বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা। বিদ্যুৎ কৰ্তন কৰি ট্ৰেন্সফৰ্মাৰৰ মেৰামতিৰ সময়ত হাস্পতালত চলা জেনেৰেটৰ বাবে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু এজন শ্ৰমিকৰ। আহত অন্য ২ জন শ্ৰমিক।

এই সংঘটিত হয় লখিমপুৰ।

বৃহস্পতিবাৰে বিয়লি হােৱা এই দুৰ্ঘটনাত মৃত লোকজনৰ নাম প্ৰেমধৰ ফুকন বুলি জানিব পৰা গৈছে।

তেওঁৰ ঘৰ পহুমৰা খাগৰী গাঁৱত।

জানিব পৰা মতে, বিয়লি ৪ মান বজাত ঠিকাদাৰৰ অধীনত সৌমাৰপীঠ নামৰ নাৰ্ছিং হোমখনৰ সন্মুখত ১০০ কেভিৰ এটা বিদ্যুৎ ট্ৰেন্সফৰ্মাৰত কাম কৰি থকা অৱস্থাত হঠাতে বিদ্যুৎস্পৃষ্ট হৈ প্ৰেমধৰ ফুকনৰ মৃত্যু হয়।

এই ঘটনাত আহত আনজন লোক সংকটজনক অৱস্থাত লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰা হয়।

অভিযোগ অনুসৰি, মেৰামতিৰ বাবে বিভাগে বিদ্যুৎ কর্তন কৰি কাম কৰি থকাৰ সময়তে হাস্পতালৰ জেনেৰেটৰ অন কৰাৰ বাবেই এই দুর্ঘটনা সংঘটিত হয়।

লগতে চাওকঃ

‘হৰ ঘৰ দস্তক’ অভিযানত নিয়ােজিত শিক্ষয়িত্ৰী কৰবী বৰুৱাৰ দুৰ্ঘটনাত মৃত্যু

Leave a Reply

Your email address will not be published. Required fields are marked *