এইবাৰ ক্রেতাৰ ৰূপত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ! পদপথৰ বিক্রেতাৰ পৰা কিনিলে শাক-পাচলি

নিউজ ডেস্ক। দেশত মূল্যবৃদ্ধিৰ মাধমাৰৰ সময়তে এইবাৰ ক্রেতাৰ ৰূপত শাক-পাচলিৰ বজাৰত দেখা গল কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক।

শনিবাৰে চেন্নাই ভ্ৰমণৰ সময়ত মাইলাপুৰৰ বজাৰত শাক-পাচলি ক্ৰয় কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

পদপথৰ এগৰাকী ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা নিৰ্মলা সীতাৰমনে ক্ৰয় কৰে কিছু মিঠা আলু আৰু কেৰেলা।

আনহাতে একে সময়তে বজাৰখনৰ ক্ষুদ্ৰ শাক-পাচলি বিক্রেতাসকলৰ সৈতেও মত-বিনিময় কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী গৰাকীয়ে।

চেন্নাই ভ্ৰমণৰ সময়ত শাক-পাচলি ক্ৰয় কৰা নিৰ্মলা সীতাৰমণৰ সেই সময়ৰ ভিডিঅ’ তেওঁ শ্বেয়াৰ কৰিছে টুইটাৰত।

FejjhsAUUAI3Zen
এইবাৰ ক্রেতাৰ ৰূপত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ! পদপথৰ বিক্রেতাৰ পৰা কিনিলে শাক-পাচলি 3

বিত্তমন্ত্ৰী সীতাৰমনৰ কাৰ্যালয়ে টুইটাৰত ভিডিঅ’ শ্বেয়াৰ কৰি লিখিছে, “চেন্নাইৰ দিনজোৰা ভ্ৰমণৰ সময়ত সীতাৰমনে চেন্নাইৰ মাইলাপুৰ বজাৰত ৰয়, য’ত তেওঁ বিক্ৰেতা আৰু স্থানীয় বাসিন্দাসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে শাক-পাচলিও ক্ৰয় কৰে।”

Fejjh 7UUAE1j5l
এইবাৰ ক্রেতাৰ ৰূপত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ! পদপথৰ বিক্রেতাৰ পৰা কিনিলে শাক-পাচলি 4

উল্লেখযোগ্য যে, দেশত বৃদ্ধি পোৱা মুদ্ৰাস্ফীতিৰ কেন্দ্ৰবিন্দুত থকা অন্যতম মূল বস্তু হৈছে শাক-পাচলি।

এই কথা মনত ৰাখি পূৰ্বে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কৈছিল যে চৰকাৰে মুদ্ৰাস্ফীতি ৪ শতাংশৰ তলত ৰাখিবলৈ প্ৰচেষ্টা হাতত লৈছে আৰু মানুহে যাতে উচিত মূল্যত আৰু সময়মতে অত্যাৱশ্যকীয় সামগ্ৰী লাভ কৰে তাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে।