নিউজ ডেস্ক। ধৰ্মৰ বাবে ছবিজগতৰ প্ৰতিষ্ঠিত কেৰিয়াৰ ত্যাগ কৰাটো অভিনেত্ৰীৰ বাবে নতুন কথা নহয়। পূৰ্বেও ছানা খান, জাইৰা ৱাছিমৰ দৰে লোকপ্ৰিয় অভিনেত্ৰীয়ে অভিনয় জীৱন ত্যাগ কৰিছিল ইছলাম ধৰ্মৰ হোৱাৰ বাবেই।
এইবাৰ এই তালিকাতে সংযোজন ঘটিল আন এগৰাকী জনপ্ৰিয় অভিনেত্ৰীৰ নাম। কেৰিয়াৰাৰ শিখৰত উপনীত হোৱাৰ সময়তে ছবিজগতক বিদায় দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভোজপুৰী অভিনেত্ৰী ছহৰ আফছাই।
অভিনেত্ৰীগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলযোগে এই ঘোষণা কৰাৰ পিছতে তেওঁৰ অনুৰাগী সকলৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

ছহৰ আফছাই ইনষ্টাগ্ৰামত এটা দীঘলীয়া পোষ্ট শ্বেয়াৰ কৰিছে, য’ত তেওঁ নিজৰ মনৰ কথা অনুৰাগীসকলৰ মাজত প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছে।
তেওঁ এই পোষ্টটো তিনিটা ভিন্ন ভাষাত- হিন্দী, ইংৰাজী আৰু উৰ্দুত শ্বেয়াৰ কৰিছে।
তেওঁ লিখিছে, ‘মই আপোনালোক সকলোকে ক’ব বিচাৰিছো যে মই সিদ্ধান্ত লৈছো যে মই শ্ব’বিজ (চলচ্চিত্ৰ উদ্যোগ) এৰিম আৰু এতিয়াৰে পৰা ইয়াৰ লগত মোৰ কোনো সম্পৰ্ক নাথাকিব। ইনশ্বাল্লাহ মই ইছলামিক শিক্ষা আৰু আল্লাহৰ আলহাম অনুসৰি পৰৱৰ্তী জীৱন পাৰ কৰাৰ মনস্থ কৰিছো। জীৱনৰ পৰা মোৰ উদ্বিগ্নতা ত্যাগ কৰিছো। মই আল্লাহৰ পৰা ক্ষমা বিচাৰিছো।’
তেওঁৰ পোষ্টটোত ছহৰে আৰু লিখিছে, ‘যদিও মই বহুত খ্যাতি আৰু ধন-সম্পত্তি লাভ কৰিছো, কিন্তু সদায় এক অন্তৰ্দ্বন্দত ভুগিছিলো। কাৰণ মই শৈশৱত এনে জীৱনৰ কল্পনা কৰা নাছিলো। মাত্ৰ কাকতালীভাৱে মই এই উদ্যোগটোৰ সৈতে জড়িত হৈ পৰো কিন্তু এতিয়া মই সকলো শেষ কৰাৰ সিদ্ধান্ত লৈছো।
পোষ্টত আগলৈ লিখিছে, ‘মোৰ উদ্দেশ্য হৈছে আল্লাহৰ আদেশ অনুসৰি পৰবৰ্তী জীৱন যাপন কৰা, ইনছাল্লাহ। আপোনালোক সকলোৱে দোৱা কৰিব যাতে আল্লাহে মোক ইষ্টকামত আৰু ধাৰ্মিক জীৱন প্ৰদান কৰে। আশা কৰো যে মোৰ অতীত জীৱনৰ পৰা নহয়, আগন্তুক জীৱনৰ পৰা স্মৰণ কৰা হ’ব।’









